olympiasports.in
সমগ্ৰ দেশত লকডাউন চলি থকাৰ সময়তে ভাৰতীয় ক্ৰিকেট দলৰ এগৰাকী অল ৰাউণ্ডাৰে অনাহকত ৰাজপথত গাড়ী চলোৱাৰ বাবে জৰিমনা ভৰিব লগা হৈছে। এই ঘটনা ঘটিছে হিমাচল প্ৰদেশত। লকডাউন অমান্য কৰি ৰাজপথলৈ ওলাই অহা এই খেলুৱৈজনৰ নাম হৈছে ঋষি ধাৱান।
লকডাউনৰ উপৰিও কৰোনাৰ সংক্ৰমণ ৰোধ কৰিবলৈ হিমাচল প্ৰদেশত কাৰ্ফিউ বলবৎ কৰা হৈছিল। অৱশ্যে কিছু নাগৰিকসকলক সকাহ দিবলৈ প্ৰশাসনে কিছুসময়ৰ বাবে কাৰ্ফিউ শিথিল কৰিছিল। এই সময়চোৱাত আকৌ সাধাৰণ লোকৰ যানবাহন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছিল। কিন্ত ধাৱানে এই নিয়ম উলংঘা কৰি নিজৰ বিলাসী গাড়ীখন লৈ ফুৰিবলৈ ওলাই আহে। গাড়ীখন চলাই অহাৰ সময়তে হিমাচল প্ৰদেশৰ গান্ধী চৌকত আৰক্ষীয়ে ধাৱানৰ গাড়ীখন ৰখাই আৰু গাড়ী চলোৱাৰ বাবে তেওঁৰ হাতত কি কাগজ পাতি আছে বিচাৰে। ইয়াৰ পিছতেই ধাৱানে আৰক্ষীৰ ওচৰত লক ডাউনৰ নিয়ম উলংঘা কৰাৰ বাবে ক্ষমা বিচৰাৰ লগতে ৫০০ টকা জৰিমনা আদায় দিয়ে। এইগৰাকী ক্ৰিকেটাৰৰ এই দায়িত্বহীন কৰ্মকাণ্ডই এতিয়া সংবাদ শিৰোনাম দখল কৰিছে।