Sunday, October 2, 2022
HomeNewsবিশ্ব মাষ্টাৰ্ছ গেমছ অভিমুখী ভাৰতীয় দলত ঋতুপৰ্ণ সোণোৱাল

বিশ্ব মাষ্টাৰ্ছ গেমছ অভিমুখী ভাৰতীয় দলত ঋতুপৰ্ণ সোণোৱাল

olympiasports.in

সৰুৰে পৰা বেডমিণ্টন খেলি ভালপোৱা ঋতুপৰ্ণ সোণোৱালে বেডমিণ্টনৰ ক্ষেত্ৰখনত ক্ৰমান্বয়ে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰিসৰ অতিক্ৰম কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিজকে আগুৱাই নিবলৈ সক্ষম হৈছে।

গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মৰত ঋতুপৰ্ণ‌ই তেওঁৰ পিতৃৰ পৰা অনুপ্ৰেৰণা লাভ কৰি বেডমিণ্টন খেলিবলৈ আৰম্ভ কৰে। তেওঁৰ এই বেডমিণ্টন প্ৰেমক আৰু অধিক নিপুণতা প্ৰদান কৰাত সহায় কৰিলে আন্তঃৰাষ্ট্ৰীয় শ্বাটলাৰ সুশান্ত বৰাই। ল’ৰালিতে সুশান্ত বৰাৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি ঋতুপৰ্ণ সোণোৱালে বেডমিণ্টনৰ জগতত খোজ পেলোৱা ঋতুপৰ্ণ সোণোৱালে শেহতীয়াকৈ মাষ্টাৰ্ছ প্ৰতিযোগিতাত সফলতা লাভ কৰি আগুৱাই যাবলৈ সক্ষম হয়।

শেহতীয়াকৈ জাপানত অনুষ্ঠিত হ’বলগীয়া বিশ্ব মাষ্টাৰ্ছ গেমছলৈ ভাৰতীয় দলত স্থান লাভ কৰা ঋতুপৰ্ণ এতিয়া নিজক প্ৰস্তুত কৰাত ব্যস্ত।

১৯৯৭ চনত গুৱাহাটীত অসম বেডমিণ্টন এছ’চিয়েশ্বনে অনুষ্ঠিত কৰা ১১ সংখ্যক মিনি আৰু চাব জুনিয়ৰ নেচনেল বেডমিণ্টন চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ উপৰিও ১৯৯৮ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা ৪৩ সংখ্যক নেচনেল স্কুল বেডমিণ্টন/টেবুল টেনিছ চেম্পিয়নশ্বিপত অনূৰ্ধ্ব ১৭ বছৰ শাখাত দলীয় ভাৱে চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল ঋতুপৰ্ণ সোণোৱাল। ইয়াৰ উপৰিও ২০০১ চনত নাগালেণ্ডৰ ক’হিমাত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট জ’নৰ ইণ্টাৰ ষ্টেটত বেডমিণ্টন চেম্পিয়নশ্বিপত ৰানাৰ্ছ আপৰ সন্মান লাভ কৰাৰ লগতে ২০০৩ চনত অনুষ্ঠিত হোৱা সদৌ অসম আন্তঃজিলা বেডমিণ্টন চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল।

শেহতীয়াকৈ মাষ্টাৰ্ছ শাখাত খেলিবলৈ আৰম্ভ কৰা ঋতুপৰ্ণ সোণোৱালে বিশ্বমুখী যাত্ৰা আৰম্ভ কৰিছে। ইতিমধ্যে ২০২১ চনত জাপানত অনুষ্ঠিত হ’বলগীয়া বিশ্ব মাষ্টাৰ্ছ গেমছত অংশগ্ৰহণৰ বাবে সুযোগ লাভ কৰি ভাৰতীয় দলত স্থান লাভ কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments