Sunday, October 2, 2022
HomeNewsৰিয়ান পৰাগৰ প্ৰশংসাত পঞ্চমুখ ষ্টিভ স্মিথ:ৰাজস্থান ৰয়েলছৰ সৈতে হোৱা ভিডিঅ' কণফাৰেন্সত ক'লে...

ৰিয়ান পৰাগৰ প্ৰশংসাত পঞ্চমুখ ষ্টিভ স্মিথ:ৰাজস্থান ৰয়েলছৰ সৈতে হোৱা ভিডিঅ’ কণফাৰেন্সত ক’লে এই কথা

এইবাৰ অসম সন্তান ৰিয়ান পৰাগৰ প্ৰশংসাত মঞ্চমুখ হ’ল অষ্ট্ৰেলিয়াৰ তাৰকা ক্ৰিকেটাৰ ষ্টিভ স্মিথ। অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰগৰাকীয়ে অসমৰ ক্ৰিকেটাৰজনৰ প্ৰদৰ্শন প্ৰত্যক্ষ কৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই থকা বুলিও উল্লেখ কৰে। স্মিথে ৰাজস্থান ৰয়েলছ দলৰ আন সদস্যৰে হোৱা এটা ভিডিঅ’ কণফাৰেন্সত নিউজিলেণ্ডৰ স্পীনাৰ ঈষ ছ’ধীৰৰে হোৱা বাৰ্তালাপত এইদৰে কয়। ভিডিঅ’টোত স্মিথে ৰাজস্থান ৰয়েলছৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ বিষয়ে বহু কথাই আলোচনা কৰে। ৰাজস্থান ৰয়েলছ দলটোক পূৰ্বতে নেতৃত্ব প্ৰদান কৰা স্মিথে এইবাৰৰ আই পি এলতো দলটোৰ এজন নিৰ্ভৰযোগ্য বেটছমেন হিচাবে খেলপথাৰত নামিব।


ৰাজস্থান দলটোৰ নতুন প্ৰতিভাসকলৰ কথা ক’বলৈ গৈ স্মিথে অসমৰ অল ৰাউণ্ডাৰ জনৰ লগতে সঞ্জু চেমচনৰ কথাও বিশেষভাৱে উল্লেখ কৰে। ৰিয়ানৰ বিষয়ে স্মিথে কয় যে, ‘ ৰিয়ান দললৈ আহোঁতে এটা ১৮ বছৰীয়া সৰু ল’ৰাৰ দৰে আহিছিল।কিন্তু যেতিয়া সি ফিল্ডত নামিছিল, এটা স্বাধীন মন লৈ নামিছিল আৰু বহুকেইখন খেলত দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকাও পালন কৰিছিল। সি যি প্ৰতিভা লাভ কৰিছে সেয়া সঁচাই অতুলনীয়।’

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments