Wednesday, October 5, 2022
HomeNewsসমাগত আই পি এলৰ নিলাম : ৰিয়ানৰ প্ৰতি আকৰ্ষিত আৰ চি বি

সমাগত আই পি এলৰ নিলাম : ৰিয়ানৰ প্ৰতি আকৰ্ষিত আৰ চি বি

অলিম্পিয়া প্ৰতিবেদন

সমাগত আই পি এলৰ নিলাম প্ৰক্ৰিয়া । বহু অৰ্থৰ বিনিময়ত ফেন্সাইজিয়ে ক্ৰয় কৰিব তাৰকা ক্ৰিকেটাৰক । নিলামৰ পূৰ্বে দেশজুৰি চৰ্চাত অসমৰ ৰিয়ান পৰাগ । ৰিয়ানৰ প্ৰতি আকৰ্ষিত আৰ চি বি শিবিৰ ।
ৰিয়ান পৰাগক কিনিবলৈ তৎপৰ আৰ চি বি । ৰিয়ানৰ বাবে নিলামত ৭ কোটি পৰ্যন্ত দৰ উঠাৰ সম্ভাৱনা ।

অহা 12 আৰু 13 ফ্ৰেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ চমুকৈ আই পি এলৰ চলিত ছিজনৰ বাবে নিলাম প্ৰক্ৰিয়া । নিলাম বজাৰৰ পৰা তাৰকা খেলুৱৈসকলক ক্ৰয় কৰিবলৈ প্ৰস্তুত হৈ পৰিছে বিভিন্ন আগশাৰীৰ ফেন্সাইজীসমূহ । সেইদৰে নিজৰ দলটো শক্তিশালী কৰি গঢ়ি তুলিবলৈ সাজু হৈছে আৰ চি বি অথাৎ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু । সমাগত আই পি এলৰ নিলামৰ পূৰ্বে বহুলভাৱে চৰ্চা লাভ কৰা কেইবাগৰাকীও ক্ৰিকেটাৰৰ ভিতৰত আছে অসম সন্তান ৰিয়ানো ।
বিগত আই পি এলৰ ছিজনত মৈদানত ৰিয়ানৰ প্ৰৰ্দশন আছিল নিৰাশাজনক। দুৰ্বল প্ৰদৰ্শনৰ পাছতো ৰাজস্থান ৰয়েলছৰ হৈ খেলা ৰিয়ানক সুযোগ প্ৰদান কৰি থকাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল টীম মেনেজমেন্ট ।কিন্তু ইয়াৰ পাছতো এই ছিজনৰ বাবে ৰিয়ানক ক্ৰয় কৰিবলৈ তৎপৰ হৈ পৰিছে আৰ চি বি । বিগত দুটা ছিজনত ৰাজস্থান দলৰ হৈ খেলা ৰিয়ান পৰাগক এইবাৰ দলটোৱে মোকলাই দিলে । ফলত চলিত ছিজনৰ বাবে আই পি এলত ৰিয়ানৰ আধাৰ মূল্য ধাৰ্য কৰা হৈছে ৩০ লাখ টকা । অৰ্থাৎ ৰিয়ানৰ নিলামৰ বজাৰত দৰ-দাম আৰম্ভ হ’ব ৩০ লাখৰ পৰা ।
শেহতীয়া এক তথ্য অনুসৰি, ৰিয়ানৰ বাবে ৭ কোটি পৰ্যন্ত ব্যয় কৰিবলৈ সাজু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ।
বিশেষকৈ তিনিগৰাকী তাৰকা ক্ৰিকেটাৰক দলত পাবলৈ তৎপৰ হৈছে আৰ চি বি । ইয়াৰে এগৰাকী হ’ল ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক তথা দুৰ্ধৰ্ষ অলৰাউণ্ডাৰ জেছন হল্ডাৰ, দ্বিতীয় গৰাকী হৈছে বিগত ছিজনত চেন্নাই চুপাৰ কিংছৰ হৈ খেলা অম্বাটি ৰায়ুডু আৰু তৃতীয় পচন্দৰ হৈছে অসমৰ ৰিয়ান পৰাগ ।
এক তথ্য মতে, অসমৰ ৰিয়ানৰ বাবে আৰ চি বিয়ে ৰাখিছে ৭ কোটি টকা ।
ইয়াৰ বিপৰীতে হল্ডাৰৰ বাবে ১২ কোটি আৰু ৰায়ুডুৰ বাবে ৮ কোটি পৰ্যন্ত ব্যয় কৰিবলৈ সাজু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু । এই তিনিজন খেলুৱৈৰ বাবে মুঠ ২৭ কোটি টকা পৰ্যন্ত ব্যয় কৰিবলৈ সাজু হৈছে আৰ চি বি । দলটোক অধিক শক্তিশালী ৰূপত গঢ়ি তোলাৰ বাবে আৰ চি বিয়ে পাব বিচাৰিছে গ্লেন মেক্সৱেল, মহম্মদ চিৰাজ , হল্ডাৰ, ৰায়ুডু, ৰিয়ান পৰাগ আদি খেলুৱৈক ।
আৰ চি বিৰ প্ৰথম তিনি পচন্দৰ ভিতৰত দুজনক পালে সুখী হ’ব বুলি জানিব পৰা গৈছে । নিলামত ৰিয়ান পৰাগক বাকী ফেন্সাইজীবোৰে বিচাৰিবনে, তাক লৈয়ো ক্ৰীড়াজগতত চলিছে তুমুল চৰ্চা । ইয়াৰ বিপৰীতে, বেলেগ ফেন্সাইজীয়ে ক্ৰয় কৰিব খোজাৰ বাবে হয়তো অলৰাউণ্ডাৰ হল্ডাৰৰ দৰ বৃদ্ধি পাব পাৰে । বিগত বৰ্ষৰ চেন্নাই ছুপাৰ কিঙছৰ নিৰ্ভৰযোগ্য ক্ৰিকেটাৰ ৰায়ুডুক পুনৰ দলত বিচাৰিব ধোনী বাহিনীয়ে ।
সেইদৰে, আৰ চি বিয়ে দলৰ অধিনায়ক হিচাপে বিৰাট কোহলিক বিচাৰিব নে শ্ৰেয়াছ আয়াৰৰ দৰে খেলুৱৈক বিচাৰিব সেয়া নিশ্চিত হোৱা নাই ।
বিগত বৰ্ষত দুৰ্বল প্ৰদৰ্শনৰ পাছতো আন ক্ৰিকেটাৰ ৰ লগতে ৰিয়ানৰ প্ৰতি আকৰ্ষিত আৰ চি বি শিবিৰ ।তেওঁলোকৰ মতে, ৰিয়ান পৰাগ এনে এজন ক্ৰিকেটাৰ -যাৰ হাতত প্ৰয়োজনত বলো তুলি দিব পাৰি । তেনেস্থলত অসমৰ ক্ৰিকেটাৰজনে দলৰ বাবে মূখ্য ভূমিকা পালন কৰিব বুলি আশাবাদী আৰ চি বি ।
অসমবাসীৰ আশা, হেৰুৱা ছন্দ ঘূৰাই পাওক ৰিয়ানে । যি শিবিৰতেই নাথাকক কিয় বেটিঙৰ হট শ্বটৰে মোহাচ্চন্ন কৰক ক্ৰিকেট বিশ্বক । ইয়াৰ বাবে ৰিয়ানলৈ অসম বাসীৰ থাকিব মৰম আৰু আৰ্শীবাদ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen + fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments