Monday, October 3, 2022
HomeNewsআই পি এলত ফৰ্মত ৰিয়ান : প্ৰথম বলতেই এক বাউণ্ডেৰী

আই পি এলত ফৰ্মত ৰিয়ান : প্ৰথম বলতেই এক বাউণ্ডেৰী

অলিম্পিয়া প্ৰতিবেদন

আকৌ ফৰ্মত অসম সন্তান ৰিয়ান পৰাগ । আই পি এলৰ প্ৰথম মেচতে দুটাকৈ বাউণ্ডেৰী । ধৰিলে এটা কঠিন কেটছ । ৰাজস্থান ৰয়েলছৰ হৈ মৰণপণ যুঁজ ৰিয়ানৰ ।

মঙলবাৰে পঞ্চমখন মেচত আই পি এলৰ মহাৰণত অৱতীৰ্ণ হ’ল ৰাজস্থান ৰয়েলছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ । অসমবাসীৰ চকু আছিল ৰাজস্থান ৰয়েলছৰ ওপৰত । কাৰণ ৰাজস্থানৰ দলত আছে অসম সন্তান ৰিয়ান পৰাগ । ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছন ১৬.১ অভাৰত আউট হোৱাৰ পাছতেই খেলপথাৰত প্ৰবেশ কৰিলে ৰিয়ানে । ছানৰাইজাৰ্ছ হায়দৰাবাদ দলৰ ভূৱনেশ্বৰ কুমাৰৰ প্ৰথম বলতে মাৰিলে এক বাউণ্ডেৰী । কেৱল এটা চাৰিতেই ক্ষান্ত নাথাকিল ৰিয়ান। পুনৰ আন এক বাউণ্ডেৰীৰে চমকিত কৰিলে ক্ৰিকেট বিশ্বক । ৫ নং বেটিং ক্ৰমত আহি দেখুৱালে নিজৰ পৰাক্ৰম । মুঠ ৯ টা বল খেলি ৰিয়ানে সংগ্ৰহ কৰিলে ১২ ৰাণ । পিছে শেষৰ বলত স্বভাৱসুলভ ভাবেই আউট হয় ৰিয়ান । ইফালে, অন্তিম অভাৰৰ বলিঙৰ সুবিধা লাভ কৰে ৰিয়ানে । বলিঙত সুন্দৰ প্ৰদৰ্শন কৰিব নোৱাৰিলে ৰিয়ানে । ৬ টা বলৰ বিনিময়ত ৰিয়ানে ছানৰাইজাৰ্ছ হায়দৰাবাদক দিলে ১৪ ৰাণ ।

আনহাতে, ফিল্জিঙতো ৰিয়ানে দিলে চমক । যুবেন্দ্ৰ চাহলৰ বলত কেটছ আউট হোৱা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ খেলুৱৈৰ কঠিন কেটছ ধৰিলে ৰিয়ানে ।
উল্লেখযোগ্য যে, সঞ্জু চেমচনৰ নেতৃত্বত ৰাজস্থান ৰয়েলছে ৬ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিলে ২১০ ৰাণ । অধিনায়ক হিচাপে সঞ্জু চেমচনে ৫৫ ৰাণৰ সুন্দৰ ইনিংছ খেলে ।
আনহাতে, কেন উইলিয়ামচনৰ নেতৃত্বত আই পি এলত অৱৰ্তীণ ছানৰাইজাৰ্ছ হায়দৰাবাদ ক্ষান্ত থাকিব লগা হ’ল ১৪৯ ৰাণতে। অধিনায়ক হিচাপে উইলিয়ামচনে ২ টা বলত ১ ৰাণ কৰিয়েই আউট হয় । পিছৰ পৰ্যায়ত আইডেন মাৰ্কৰামৰ ৫৭, ৱাৰ্ছিংটন সুন্দৰৰ ৪০, ৰোমাৰিঅ’ শ্বেফাৰ্ডৰ ২৪ ৰাণেও ছানৰাইজাৰ্ছক সহায় কৰিব নোৱাৰিলে।ৰাজস্থান ৰয়েলছৰ যুজুবেন্দ্ৰ চাহল,প্ৰসিদ্ধ কৃষ্ণ আদি বলাৰৰ বলিং ত্রাসত তিস্তিব নোৱাৰিলে ছানৰাইজাৰ্ছ হায়দৰাবাদে ।
ফলত ৬১ ৰাণৰ বৃহৎ ব্যৱধানত জয়ী হয় সঞ্জু বাহিনী ৰাজস্থান ৰয়েলছ।

ৰাজস্থান ৰয়েলছৰ প্ৰথমখন নিজা মেচত ৰিয়ান অন্তিম সময়লৈকে থাকি দলৰ বাবে যুঁজ দিলে । বেছি বল খেলিবলৈ নাপালেও ৰিয়ানে প্ৰমাণ কৰিলে আই পি এলত পুনৰবাৰ ফৰ্মত ৰিয়ান । অসমৰ ক্ৰীড়া অনুৰাগীৰ আশা — ৰাজস্থান ৰয়েলছৰ হৈ ৰিয়ানে কোবাই যাওক বাউণ্ডেৰী অথবা অভাৰবাউনণ্ডেৰী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seven + 18 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments