Tuesday, October 4, 2022
HomeNews‘‘গল মেছিন’’ লেভানড’স্কি

‘‘গল মেছিন’’ লেভানড’স্কি

দেখাত একেবাৰে খীণ মীন লৰাটো৷ ৰুগীয়াৰ দৰে৷ তাক খেলপথাৰত দৌৰা দৌৰি কৰি থকা দেখা পায় কেইবাজনো ফুটবলাৰে প্ৰশিক্ষকক প্ৰশ্ন কৰিছিল৷ জনাইছিল তেওঁলোকৰ দৃষ্টিত পৰা তাৰ যোগ্যতাৰ কথা৷ তেওঁৰ মাজত ষ্ট্ৰাইকাৰ হোৱাৰ কোনো গুণ নাই– এই কথা শুনি প্ৰথমে দুদোল্যমান অৱস্থাত পৰিছিল প্ৰশিক্ষক৷ কিন্তু সকলোৰে ভূল ভাগিবলৈ বেছি সময় নেলাগিল৷ সেই খীণ দেহাৰ লৰাটো বিশ্ব ফুটবলত বিখ্যাত হৈ পৰিল গল মেছিন ৰবাৰ্ট লেভানড’স্কিৰ নামেৰে৷
ৰুগীয়া ৰুগীয়া লগা সেই লৰাটো আজিৰ বিশ্ব ত্ৰাস ৷ দেশ তথা বিশ্ব ফুটবল সম্পদ৷ বিপক্ষৰ বক্সত তেওঁ সন্ত্ৰাস তথা ভয়ংকৰ৷ আজি ক্ৰিষ্টিয়ানো ৰোনাল্ডো, লায়নেল মেছি, লুকা মদৰিকৰ সৈতে উচ্ছাৰিত হয় তেওঁৰ নাম৷ বিশ্বফুটবলত তেওঁ পোলেণ্ডৰ পৰিচয়৷ এইবাৰৰ ইউৰোত তেওঁ আলোচনাৰ অন্যতম কেন্দ্ৰ বিন্দু৷ নিশ্চিত তথ্য নহলেও জাৰ্মানীৰ স্বেচ্ছাচাৰী নেতা এডলফ হিটলাৰৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা শুনিবলৈ পোৱা যায়৷ এবাৰ কোনো এগৰাকী বিশেষজ্ঞই ইতিহাস বিশ্লেষণ কৰি দাবী কৰিছিল যে ৰবাৰ্ট হিটলাৰৰ কন্যা পলাৰ নাতি৷
কোনো স্পষ্ট প্ৰমাণ নথকাত সেই দাবী নৰজিল৷ লেভানড’স্কিয়ে নিজেও সেই বিষয়ে কেতিয়াও কোনো কথা উল্লেখ কৰা নাই৷ ক্ৰীড়þাৰ সৈতে জড়িত এটা পৰিয়ালত জন্ম তেওঁৰ৷ পিতৃ খ্ৰীষ্ট’ফ এজন জুডো চেম্পিয়ন৷ পেচাদাৰী ক্লাৱ ফুটবলতো খেলিছিল৷ লেভানড’স্কিৰ মাকো আছিল সুদক্ষ ভলীবল খেলুৱৈ৷ ফুটবলাৰ পিতৃৰ হাতত ধৰিয়েই ফুটবলত প্ৰবেশ লেভানড’স্কিৰ৷ কিন্তু ৰুগীয়াৰ দৰে লগা দেহাটোৰ বাবে বহু অসুবিধাৰ সন্মুখীন হৈছিল তেওঁ৷ অৱশেষত সকলো প্ৰত্যাহবান নেওচি লেভানড’স্কি এতিয়া বিশ্ব ফুটবলৰ গল মেছিন৷ অৱশ্যে তেওঁৰ সেই খীণকায় চেহেৰা এতিয়া নাই৷ লেভানড’স্কিৰ শাৰীৰিক উন্নতিৰ কৃতিত্ব তেওঁৰ স্ত্ৰী এনাৰ৷ সৰ্ব্বোচ্ছ পৰ্যায়ৰ ফুটবল খেলিলেও বিপক্ষৰ ডিফেণ্ডাৰৰ সৈতে যুঁজাৰ বাবে সিমান সবল নাছিল ৰবাৰ্ট৷ সেয়ে পত্নী এনাই তেওঁৰ খাদ্য তালিকা নিজে প্ৰস্তুত কৰাৰ লগতে লেভানড’স্কিৰ জীৱন যাত্ৰাৰ সুচীও নিৰ্দিষ্ট কৰি দিছে৷ এনাৰ এই চেষ্টাৰ বলতেই বৰ্তমান বিশ্ব ফুটবলৰ অন্যতম পাৰফেক্ট ফিটনেছৰ গৰাকী তেওঁ৷ আঘাত সমস্যাই কেতিয়াও জৰ্জৰিত কৰা লেভানড’স্কিক৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen + eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments