Tuesday, October 4, 2022
HomeNewsপঢ়াৰ পৰা হাত সাৰিবলৈ ধেমালিতে খেলিছিল টাইকোৱাণ্ডো, বৰ্তমান হ'লগৈ দেশৰ শীৰ্ষ স্থানৰ...

পঢ়াৰ পৰা হাত সাৰিবলৈ ধেমালিতে খেলিছিল টাইকোৱাণ্ডো, বৰ্তমান হ’লগৈ দেশৰ শীৰ্ষ স্থানৰ টাইকোৱানণ্ডো খেলুৱৈ

অলিম্পিয়া বিশেষ প্ৰতিবেদন:

ভাৰতৰ শীৰ্ষ ৰেংকিঙপ্ৰাপ্ত টাইকোৱাণ্ডো খেলুৱৈ ৰ’দালি বৰুৱাই প্ৰথম অৱস্থাত কেতিয়াও ভৱা নাছিল যে তেওঁ এদিন টাইকোৱাণ্ডো খেলুৱৈ হ’ব। সেয়া আছিল যেন নিয়তিৰহে ইচ্ছা। কিয়নো ৰ’দালিয়ে টাইকোৱাণ্ডো খেলিবলৈ লোৱাটো কাকতালীয় সংযোগহে আছিল।

টাইকোৱাণ্ডোৰ খিতাপ দখল কৰাৰ মুহূৰ্তত

তেজুপৰৰ জীয়ৰী ৰ’দালি কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰী আছিল। বিদ্যালয়ত পঢ়ি থাকোতে পঢ়াৰ পৰা হাত সাৰিবলৈহে লগৰীয়াৰ সৈতে টাইকোৱাণ্ডো চাবলৈ গুচি গৈছিল। তেওঁৰ ঘনিষ্ঠ গোটেইকেইগৰাকী লগৰীয়াই টাইকোৱাণ্ডোৰ প্ৰশিক্ষণ লৈছিল। লগৰ কেইজনীৰ সৈতে শ্ৰেণী বৰ্জন কৰি প্ৰথম অৱস্থাত টাইকোৱাণ্ডো চাবলৈ যোৱা ৰ’দালিয়ে লাহে লাহে খেলবিধ শিকিবলৈ ধৰিলে। সেই সময়ত কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰশিক্ষক আছিল সুকুমাৰ নাথ। ৰ’দালিৰ দেহাবয়ৱলৈ চাই সুকুমাৰ নাথেও ৰ’দালিক টাইকোৱাণ্ডো শিকিবলৈ পৰামৰ্শ দিয়ে। সেই সুকুমাৰ নাথেই ৰ’দালিৰ খেলুৱৈ জীৱনৰ প্ৰথম অনুপ্ৰেৰণা আছিল। দেওবাৰে অলিম্পিয়াৰ ফেচবুক লাইভ অনুষ্ঠানত অংশগ্ৰহণ কৰি এনেদৰেই পূৰ্বতে উন্মোচিত নোহোৱা বহু কথা মুকলিকৈ ব্যক্ত কৰে ভাৰতৰ শীৰ্ষস্থানীয় টাইকোৱাণ্ডো খেলুৱৈগৰাকীয়ে।

ৰ’দালিৰ খেলুৱৈ জীৱনত তেওঁৰ ছাইৰ প্ৰশিক্ষক টমাশ সেঠিৰ অৱদানেই সৰ্বাধিক বুলি উল্লেখ কৰি কৃৰ্তিমান খেলুৱৈগৰাকীয়ে কয় যে প্ৰশিক্ষক টমাশ সেঠিৰ অবিহনে তেওঁ আজি বৰ্তমানৰ স্থানত উপনীত হ’ব নোৱাৰিলেহেঁতেন।

প্ৰতিযোগিতাৰ এটি মুহূৰ্ত

তেওঁৰ জীৱনৰ আটাইতকৈ স্মৰণীয় ঘটনাটোৰ কথা উল্লেখ কৰিবলৈ গৈ ৰ’দালিয়ে ৰাষ্ট্রীয় স্তৰত কিদৰে প্ৰত্যাখানৰ সন্মুখীন হ’বলগীয়া হৈছিল সেই বিষয়েও লাইভ অনুষ্ঠানটোত উল্লেখ কৰে। সেয়া আছিল এছিয়ান চেম্পিয়নশ্বিপৰ ট্ৰায়েলৰ সময়ৰ কথা। ৰ’দালিৰ ওজন শাখাত অন্য কোনো প্ৰতিদ্বন্দী নাছিল বাবে চেম্পিয়নশ্বিপলৈ ৰ’দালি নিৰ্বাচিত হোৱাটো প্ৰায় নিশ্চিত আছিল। কিন্তু শেষত ঘোষণা কৰা হৈছিল ভাৰতৰ পৰা ছটা বয়স শাখাকহে নিৰ্বাচিত কৰাৰ কথা। আৰু সেই বয়স শাখাকেইটাত অন্তৰ্ভুক্ত হোৱা নাছিল ৰ’দালিয়ে প্ৰতিনিধিত্ব কৰা বয়স শাখাটো। ফলত ৰ’দালি চেম্পিয়নশ্বিপলৈ যোৱাৰ পৰা বঞ্চিত হৈছিল। খেলুৱৈ জীৱনৰ সেই ক্ষণটোৰ কথা তেওঁ কেতিয়াও নাপাহৰে বুলি উল্লেখ কৰি ৰ’দালিয়ে কয় যে সেই প্ৰত্যাখানৰ উত্তৰ তেওঁ পৰৱৰ্তী সময়ত দিবলৈ সক্ষম হৈছিল। উল্লেখযোগ্য যে তাৰ পাছতেই ৰ’দালিয়ে একেলেথাৰিয়ে পাঁচবাৰকৈ ৰাষ্ট্ৰীয় চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল।

বক্সিং ৰাণী মেৰীকমক জীৱনৰ আদৰ্শ হিচাবে গ্ৰহণ কৰা ৰ’দালিৰ চূড়ান্ত লক্ষ্য হৈছে টকিঅ’ অলিম্পিকত নিজৰ স্থান সুনিশ্চিত কৰা। উল্লেখযোগ্য যে টাইকোৱাণ্ডোৰ টকিঅ’ অলিম্পিকৰ বাবে কোৱালিফিকেশ্বন মেচসমূহ বৰ্তমান কৰ’না ভাইৰাছৰ বাবে স্থগিত ৰখা হৈছে। বৰ্তমান হায়দৰাবাদৰ ছাই কেম্পত থকা ৰ’দালিয়ে এছিয়ান কোৱালিফিকেশ্বনৰ বাবে প্ৰস্তুতি চলাই আছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments