Monday, October 3, 2022
HomeNewsক'ৰনাৰ বিৰুদ্ধে যুজঁ দিবলৈ ৰোহিত শৰ্মাই দিলে ৮০ লাখ

ক’ৰনাৰ বিৰুদ্ধে যুজঁ দিবলৈ ৰোহিত শৰ্মাই দিলে ৮০ লাখ

olympiasports.in

ভাৰতীয় ক্ৰিকেটৰ হিটমেন ৰোহিত শৰ্মাই কৰ’না ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰৰ ঘৰলৈ মুঠ ৮০ লাখ টকাৰ সাহাৰ্য্য আগবঢ়াইছে। মঙলবাৰে ছচিয়েল মিডিয়াত টুইট কৰি এই কথা ঘোষণা কৰে মাৰমুখী বেটছমেনজনে। ৰোহিতে টুইটাৰত এই কথা উল্লেখ কৰি কয় যে,’’আমি আমাৰ দেশখনক পুনৰ নিজৰ ভৰিত থিয় দিব পৰা কৰি তোলাৰ প্ৰয়োজন আৰু এতিয়া এই সকলোখিনি আমাৰ ওপৰত নিৰ্ভৰ কৰিছে। মই প্ৰধান মন্ত্ৰীৰ আৰোগ্য নিধিলৈ ৪৫ লাখ, মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ (মহাৰাষ্ট্ৰ) ২৫ লাখ, ফিডিং ইণ্ডিয়ালৈ ৫ লাখ আৰু পথৰ ৱেলফেয়াৰ অফ ষ্ট্ৰে ডগছ্লৈ ৫লাখ টকা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছো।”

উল্লেখযোগ্য যে ৰোহিতৰ পূৰ্বে ইতিমধ্যে বহুকেইজন ভাৰতীয় ক্ৰিকেটাৰে সাহাৰ্য্য প্ৰদান কৰিছে। শচীন টেণ্ডুলকাৰ, সৌৰভ গাঙ্গুলীৰ পৰা আৰম্ভ কৰি সুৰেশ ৰাইনা, আজিংকা ৰাহানে, ইৰফান পাঠান, ইউচুফ পাঠান, সৌৰভ তিয়াৰীলৈকে বহুসংখ্যক ন পুৰণি ক্ৰিকেটাৰে এইদৰে সাহাৰ্য আগবঢ়াইছে। ইফালে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলী আৰু অভিনেত্ৰী পত্নী অনুষ্কা শৰ্মাই টুইটাৰ যোগে প্ৰধানমন্ত্ৰীৰ আৰোগ্য নিধিলৈ সাহাৰ্য্য দিয়াৰ কথা ঘোষণা কৰিছে যদিও সাহাৰ্যৰ পৰিমাণ উল্লেখ কৰা নাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 + one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments