অলিম্পিয়া প্ৰতিবেদন
অহা ২৭ নৱেম্বৰৰ পৰা ১৯ জানুৱাৰীলৈ অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে যাব ভাৰতীয় ক্ৰিকেট দলটো। দলটোৱে অষ্ট্ৰেলিয়াৰ মাটিত তিনিখন এদিনীয়া, চাৰিখন টেষ্ট মেচৰ লগতে তিনিখন টি টুৱেন্টিত ভাগ ল’ব।
সোমবাৰে দলৰ মুখ্য নিৰ্বাচক সুনীল যোশীৰ নেতৃত্বত নিৰ্বাচক মণ্ডলীয়ে তিনিওটা সংস্কৰণৰ বাবে ভাৰতীয় দল তিনিটা ঘোষণা কৰে। অষ্ট্ৰেলিয়ালৈ নিৰ্বাচিত এই দলকেইটাত অৱশ্যে স্থান দিয়া হোৱা নাই অপেনাৰ ৰোহিত শৰ্মাক। হেমষ্ট্ৰিঙৰ সমস্যাত ভুগি থকাৰ বাবেই সোঁহতীয়া মাৰমুখী বেটছমেনজনক দলৰ পৰা আঁতৰাই ৰখাৰ কথা ঘোষণা কৰিছে নিৰ্বাচক মণ্ডলীয়ে।
তেওঁৰ লগতে বেগী বলাৰ ঈশান্ত শৰ্মাকো আঘাতৰ সমস্যাৰ বাবে স্থান দিয়া হোৱা নাই দলত। এই সময়ছোৱাত বি চি চি আইৰ বিশেষজ্ঞ চিকিৎসক দলৰ নিৰীক্ষণত ৰখা হ’ব ৰোহিত শৰ্মা আৰু ঈশান্ত শৰ্মাক। তেওঁলোক দুয়োগৰাকীকে আঘাতৰ বাবে দলত স্থান দিয়া হোৱা নাই যদিও ঋষভ পণ্টক দুৰ্বল ফৰ্মৰ বাবে সীমিত অভাৰৰ ক্ৰিকেটৰ পৰা বাদ দিয়া হৈছে।
ইপিনে, হেমষ্ট্ৰিঙৰ সমস্যাত ভুগি থকা ৰোহিত শৰ্মাই শীঘ্ৰেই মুম্বাই ইণ্ডিয়ানছ দললৈ প্ৰত্যাৱৰ্তন ঘটাব। মুম্বাই ইণ্ডিয়ানছৰ দলীয় সূত্ৰই এই কথা ঘোষণা কৰিছে। কিন্তু যি সময়ত ক্ৰিকেটাৰগৰাকীয়ে মুম্বাই ইণ্ডিয়ানছলৈ প্ৰত্যাৱৰ্তন কৰাৰ কথা ঘোষণা কৰিছে সেই সময়ত ভাৰতীয় দলত স্থান লাভ নকৰাৰ বাবে এতিয়া সৰ্বত্ৰে সমালোচিত হৈছে বি চি চি আই। ক্ৰিকেটাৰগৰাকীৰ অনুৰাগীসকলে ইয়াকে লৈ বিভিন্ন প্ৰশ্ন কৰিছে ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাটোক। টুইটাৰ, ফেচবুক আদিত অনুৰাগীসকলৰ অসন্তুষ্টি স্পষ্ট ৰূপত দেখা পোৱা গ’ল। তাৰেই কেইটামান টুইট তলত উল্লেখ কৰা হ’ল-