Wednesday, October 5, 2022
HomeNewsকেৰিয়াৰৰ তিনিটাকৈ দ্বিশতকৰ কোনটো কিয় বিশেষ, ক'লে ৰোহিত শৰ্মাই।

কেৰিয়াৰৰ তিনিটাকৈ দ্বিশতকৰ কোনটো কিয় বিশেষ, ক’লে ৰোহিত শৰ্মাই।

অলিম্পিয়া বাৰ্তা

ভাৰতৰ ষ্টাইলিচ বেটছমেন ৰোহিত শৰ্মা এদিনীয়া ক্ৰিকেটত তিনিটাকৈ দ্বিশতক অৰ্জন কৰা একমাত্ৰ ক্ৰিকেটাৰ। শক্তিশালী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জীৱনৰ প্ৰথমটো দ্বি শতক অৰ্জন কৰা ৰোহিতে পিছলৈ শ্ৰী লংকাৰ বিৰুদ্ধে সংগ্ৰহ কৰে দুটাকৈ দ্বি শতকীয় ইনিংছ।

জানিবলৈ মন নাযায় নে ৰোহিতৰ এই তিনিটাকৈ দ্বি শতকীয় ইনিংছৰ কোনটো আটাইতকৈ প্রিয় তথা বিশেষ। একেটা প্ৰশ্নই ৰোহিতক উদ্দেশ্য কৰি সোধা হৈছিল। ষ্টাৰ স্পৰ্টছৰ এটা বিশেষ অনুষ্ঠানত প্ৰাক্তন ভাৰতীয় পেচ বলাৰ ইৰফান পাঠানে কৰিছিল এই প্ৰশ্ন। উত্তৰত ৰোহিত শৰ্মাই কৈছিল যে তিনিওটাৰে মাজত কেৱল এটাক বিশেষ বুলি ক’বলৈ কঠিন। কিয়নো তিনিটা দ্বি শতকৰ লগতেই তিনিটা বিশেষ কথা জড়িত হৈ আছিল।

ৰোহিতৰ মতে প্ৰথমটো দ্বি শতক বিশেষ আছিল কিয়নো এইটো আহিছিল অষ্ট্ৰেলিয়াৰ দৰে এটা দলৰ বিৰুদ্ধে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৰান কৰাৰ আছে এক সুকীয়া আমেজ। ইফালে দ্বিতীয়টো দ্বি শতকে অভিলেখ গঢ়িছিল। কিয়নো সেইটো আছিল এদিনীয়া আন্তৰ্জাতিকৰ সৰ্বোচ্চ ব্যক্তিগত স্ক’ৰ। তৃতীয়টোও তেওঁৰ বাবে বিশেষ আছিল কিয়নো তৃতীয়টো দ্বি শতক অৰ্জন কৰা দিনটো আছিল তেওঁলোকৰ প্ৰথম বিবাহবাৰ্ষিকীৰ দিন। ষ্টেডিয়ামত বহি সেই মুহূৰ্ত উপভোগ কৰি আছিল ৰোহিতৰ পত্নীয়ে। গতিকে সেই দৃষ্টিৰে তিনিটা দ্বি শতকীয় ইনিংছেই আছিল ৰোহিতৰ বাবে বিশেষ।

উল্লেখযোগ্য যে ৰোহিতে প্ৰথমটো দ্বি শতক অৰ্জন কৰে ২০০৯ বৰ্ষত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। তাৰ পিছত ২০১৪ চনত শ্ৰীলংকাৰ বিৰুদ্ধে কৰে ২৬৪ ৰানৰ বিস্ফোৰক ইনিংছটো। একেটা দলৰ বিৰুদ্ধেই পুনৰ ২০১৭ চনত ম’হালীত সংগ্ৰহ কৰে কেৰিয়াৰৰ তৃতীয়টো দ্বি শতক।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 − sixteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments