Monday, October 3, 2022
HomeNewsহিটমেন ৰোহিত শৰ্মাৰ আন এক অভিলেখ

হিটমেন ৰোহিত শৰ্মাৰ আন এক অভিলেখ

অলিম্পিয়া প্ৰতিবেদন

হিটমেন ৰোহিত শৰ্মাৰ আন এক অভিলেখ ।
এতিয়া টি-২০ ক্ৰিকেটৰ ৰজা ৰোহিত । ক্ৰিকেটৰ মহাতাৰকা বিৰাট কোহলিক কৰিছে অতিক্ৰম ।

দেশৰ মাটিত অব্যাহত আছে ভাৰত-শ্ৰীলংকাৰ টি-২০ শৃংখলা । লক্ষ্ণৌত বৃহস্পতিবাৰে প্ৰথমখন মেচত ভাৰতে শ্ৰীলংকাক ৬২ ৰাণত পৰাস্ত কৰি ১-০ ৰ অগ্ৰগতি লাভ কৰিছে । ভাৰতৰ হৈ ইশান কিষাণৰ ৮৯ আৰু শ্ৰেয়াছ আয়াৰৰ ৫৭ ৰাণৰ সমান্তৰালকৈ ৩২ টা বলত ৰোহিত শৰ্মাই সংগ্ৰহ কৰিলে ৪৪ ৰাণ । টি-২০ ক্ৰিকেটত শ্ৰীলংকাৰ বিৰুদ্ধে ৩৭ ৰাণ কৰোতেই ৰোহিত শৰ্মাই গঢ়িলে এক অভিলেখ । খেলপথাৰত নমাৰ আগলৈকে ৰোহিতৰ ৰাণ আছিল ৩২৬৩ । কিন্তু ৩৭ ৰাণ কৰাৰ লগে লগে টি-২০ আন্তৰ্জাতিক ক্ৰিকেটত বিশ্বৰ সৰ্বাধিক ৰাণ কৰা খেলুৱৈ ৰূপে পৰিগণিত হ’ল ৰাণ মেচিনজন । ইয়াৰ আগলৈকে এই অভিলেখৰ গৰাকী আছিল নিউজিলেণ্ডৰ ক্ৰিকেটাৰ মাৰ্টিল গুপ্টিলৰ নামত । গুপ্টিলে ১১২ খন মেচত ৩২৯৯ ৰাণেৰে ক্ৰিকেটৰ চুটি ফৰ্মেটত বিশ্বৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আছিল । কিন্তু শ্ৰীলংকাৰ বিৰুদ্ধে বেটিং কৰাৰ পাছত ৰোহিতৰ ৰাণ হ’লগৈ ৩৩০৭ । আনকি ৩২৯৬ ৰাণেৰে দ্বিতীয় স্থানত থকা কিং কোহলিকো অতিক্ৰম কৰিলে ৰোহিতে । ৰোহিত এতিয়া চুটি ফৰ্মেট ক্ৰিকেটত বিশ্বৰ ভিতৰত সৰ্বাধিক ৰাণৰ তালিকাত প্ৰথম স্থানত অধিষ্ঠিত হ’ল। ইয়াৰ বিপৰীতে দ্বিতীয় স্থানত থাকিল মাৰ্টিল গুপ্টিল আৰু তৃতীয় স্থানত বিৰাট কোহলি । ৰোহিত শৰ্মাই টি-২০ কেৰিয়াৰত মুঠ ১২৩ খন মেচত চাৰিটা শতক, ২৬ টা অৰ্ধ শতক আৰু ১৫৫ টা ছয় কোবাইছে ।

উল্লেখযোগ্য যে, ৰোহিত শৰ্মাৰ নেতৃত্বত এদিনীয়া আৰু টি-২০ শৃংখলাত ভাৰতৰ বিজয় ধাৰা অব্যাহত আছে । শেহতীয়াকৈ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধেও জয়লাভ কৰিছিল ভাৰতে । এহাতে, শ্ৰীলংকাৰ বিৰুদ্ধে চলিত টি-২০ শৃংখলাৰ প্ৰথম মেচত ভাৰতৰ জয়ৰ লগতে ৰোহিতৰ এই অভিলেখ সৃষ্টিয়ে উৎফুল্লিত কৰিছে ভাৰতীয় ক্ৰীড়া অনুৰাগীক । ৰোহিত অনুৰাগীৰ আশা — দুৰন্ত গতিৰে বিশ্ব ক্ৰিকেটত অপ্ৰতিৰোধ্য হৈ থাকক জনপ্ৰিয় ক্ৰিকেটাৰ গৰাকী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen − 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments