Tuesday, October 4, 2022
HomeNewsঅধিনায়ক হৈয়েই সতীৰ্থক উদ্দেশ্যি কি ক'লে ৰোহিত শৰ্মাই?

অধিনায়ক হৈয়েই সতীৰ্থক উদ্দেশ্যি কি ক’লে ৰোহিত শৰ্মাই?

অলিম্পিয়া প্ৰতিবেদন

দায়িত্ব লাভ কৰিয়েই তৎপৰ হৈ পৰিছে অধিনায়ক ৰোহিত শৰ্মা। দক্ষিণ আফ্ৰিকা ভ্ৰমণলৈ যাবলগীয়া এদিনীয়া দলৰ দায়িত্ব লাভ কৰে ৰোহিত শৰ্মাই। ইয়াৰ লগে লগে ভাৰতৰ এদিনীয়া দলৰ অধিনায়কক লৈ থকা সকলো জল্পনা কল্পনাৰো অন্ত পৰে। অধিনায়কৰ দায়িত্বভাৰ লাভ কৰাৰ পিছতেই সতীৰ্থসকললৈ বিশেষ আহ্বান জনাইছে ৰোহিতে।

ৰোহিতে কয় যে, প্ৰতিকূলতাৰ প্ৰতি সদা প্ৰস্তুত থাকিব লাগিব ভাৰতীয় দল। ১০ ৰানত ৩ টাকৈ উইকেট গ’লে সেই পৰিস্থিতিৰ পৰা দলক কেনেকৈ উদ্ধাৰ কৰা হ’ব সেই কথাৰ প্ৰতি নজৰ দিব লাগিব। ৩ ৰ পৰা ৬ নং ক্ৰমৰ খেলুৱৈসকলে এই কথা মন কৰিব লাগিব। ক’তো লিখা নাই যে ১০ ৰানত ২/৩ টা উইকেট হেৰুৱালে ১৮০/১৯০ ৰান কৰিব নোৱাৰে। ৰোহিতে ইয়াৰ জৰিয়তে মূলতঃ বিগত সময়চোৱাত ভাৰতীয় দলৰ মধ্য ক্ৰমৰ বেটিঙৰ ব্যৰ্থতাৰ কথাকে উনুকিয়ালে।

উল্লেখযোগ্য যে, ২০১৭ৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেল তথা ২০১৯ৰ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতৰ পৰাজয়ৰ মূল কাৰণ আছিল মধ্য ক্ৰমৰ বেটিং ব্যৰ্থতা।ইয়াৰ লগতে তেওঁ কয় যে, অধিনায়কৰ কাম হৈছে সঠিক খেলুৱৈক দলত খেলোৱা। সঠিক ঠাইত সঠিক ক্ৰিকেটাৰক খেলাব পাৰিলে বহু কথাই সহজ হৈ পৰে।

অহা জানুৱাৰীত ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাত ৩ খনকৈ এদিনীয়াত ভাগ ল’ব। ইয়াৰ পূৰ্বে ভাগ ল’বলগীয়া টেষ্ট দলটো ঘোষণা কৰাৰ পৰত ভাৰতীয় দলৰ এদিনীয়া দলৰ নতুন অধিনায়ক হিচাবে ৰোহিত শৰ্মাৰ নাম ঘোষণা কৰা হয়। ইপিনে যি ধৰণে বিৰাট কোহলিক এদিনীয়া দলৰ নেতৃত্বৰ পৰা আঁতৰোৱা হ’ল তাকে আজিও ক্ৰিকেটপ্ৰেমীৰ মাজত অব্যাহত আছে প্ৰতিক্ৰিয়া।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen + five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments