Sunday, July 3, 2022
HomeNewsৰোল বল ছুপাৰ লীগ ২০২০: মুকলি হ'ল ল'গ'

ৰোল বল ছুপাৰ লীগ ২০২০: মুকলি হ’ল ল’গ’

ৰাজ্যত ১৬ এপ্ৰিলৰ পৰা অনুষ্ঠিত হ’ব লগা ৰোল বল ছুপাৰ লীগৰ ল’গ’ আজি দীঘলীপুখুৰীৰ প্ৰাঙ্গনত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। সেই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মা, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাঁতোৰবিদ এলভিছ আলি হাজৰিকা, অসম ৰোল বল এছোচিয়েচনৰ সভাপতি মিফতাবুদ্দিন আহমেদ, আই এ এছ বিষয়া তথা অসম চৰকাৰৰ প্ৰিন্সিপাল চেক্ৰেটাৰী বি কল্যান চক্ৰৱৰ্তী, প্ৰতিদিন টাইমছৰ জ্যেষ্ঠ সাংবাদিক খগেন কলিতাকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি। আৰ জে শুভংকৰে আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে অসম ৰোল বল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মনে অসমত ৰোল বলৰ প্ৰসাৰ সম্পৰ্কে নিজৰ মত ব্যক্ত কৰে। অনুষ্ঠানটোৰ এজন অন্যতম উদ্যোক্তা বিকাশ আগৰৱালাই ৰোল বল লীগখন আয়োজনৰ সকলো দিশ সম্পৰ্কে উপস্থিত সকলোকে জানিবলৈ দিয়ে। উল্লেখ্য যে ৰাজ্যত পোন প্ৰথমবাৰৰ অনুষ্ঠিত হবলৈ আগবাঢ়িছে ৰোল বল লীগ। মুঠ ৬ টা দলে অংশগ্ৰহণ কৰিব লগীয়া প্ৰতিযোগিতাখনৰ প্ৰতিটো দলত থাকিব ১১ জনকৈ খেলুৱৈ। প্ৰতিটো দলত ৫-৬ জনকৈ স্থানীয় খেলুৱৈ থকাটো বাঞ্চনীয়। ছটা দলৰ বাবে ছজন প্ৰশিক্ষক থকাৰ উপৰি প্ৰতিযোগিতাখন চলাবলৈ ১জন টেকনিকেল ডাইৰেক্টৰ, ৰোল বল ফেডাৰেচন অৱ ইণ্ডিয়াৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এজন চীফ ৰেফাৰী আৰু ৩ জন ৰেফাৰী থাকিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − six =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments