
ৰাজ্যত অসম ৰোল বল সন্থাৰ উদ্যোগত এপ্ৰিলৰ ১৬ তাৰিখৰ পৰা ১৯ তাৰিখলৈ অনুষ্ঠিত হ’ব প্ৰথমখন ৰোল বল ছুপাৰ লীগ। পোন প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব লগীয়া এই লীগখনত ৭ টাকৈ দলে অংশগ্ৰহণ কৰিব। ইতিমধ্যে দলকেইটা স্বত্বাধিকাৰীসকলৰ মাজত বিতৰণ কৰি দিয়া হৈছে। আজি অসম অলিম্পিক সন্থাৰ প্ৰেক্ষাগৃহত লীগখন সুচাৰুৰূপে চলাই নিবলৈ বহুকেইখন উপ-সমিতিও গঠন কৰা হয়। উল্লেখযোগ্য যে যুৱ প্ৰজন্মৰ হাৰ্টথ্র’ব জুবিন গাৰ্গেও এই লীগৰ শ্মেছিং বাফেল’ছ নামৰ দলটো ক্ৰয় কৰে। লীগৰ বাকী স্বত্বাধিকাৰী আৰু দলকেইটা হ’ল, সৰিটা যাদৱ আৰু গ্ৰুপৰ চার্জিঙ ৰাইন’জ, বৰুণ ৰুংটা গ্রুপৰ মাইটি টাচকাৰ্ছ, খগেন কলিতা আৰু গ্রুপৰ ৰ’ৰিং টাইগাৰ্ছ, ডিম্বেশ্বৰ ঠাকুৰীয়া আৰু গ্ৰুপৰ ফ্লায়িং হৰ্ণবিলছ, ডি ডি আৰ বি এ গ্রুপৰ ফেৰ’চিয়াছ বিচন, পি ই ডব্লিউ এছ গ্রুপ অৱ ইনষ্টিটিউচনৰ চেজিং সম্ভাৰ।