অলিম্পিয়া প্ৰতিবেদন
গুৱাহাটীৰ দিছপুৰ স্কেটিঙ ৰিঙ্কত ১৯ ডিচেম্বৰ দেওবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে পূব মণ্ডল ছাব জুনিয়ৰ ৰোলবল চেম্পিয়নশ্বিপ । এই প্ৰতিযোগিতাত অসমৰ লগতে ঝাৰখণ্ড, বিহাৰ, ছত্তিশগড়, অৰুণাচল, মেঘালয়ৰ ল’ৰা-ছোৱালী দলে যোগদান কৰিছে । দেওবাৰে উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় ৰোলবল ফেডাৰেচনৰ সাধাৰণ সম্পাদক (পুনেৰ) চেতন ভাণ্ডাৰকাৰ, পিউছ গ্ৰুপৰ পৰিচালন সঞ্চালক ৰমেন চমুৱা, অসম ৰোলবল সন্থাৰ উপ-সভাপতি যোগেশ কলিতাকে ধৰি বহু বিশিষ্ট লোক । প্ৰতিযোগিতাৰ প্ৰথম দিনৰ ফলাফলৰ ভিত্তিত অসমৰ ল’ৰা আৰু ছোৱালী দুয়োটা দলে ছেমিফাইনেলত প্ৰবেশ কৰিছে । এই বাতৰি প্ৰেৰণ কৰিছে অসম ৰোলবল সন্থাৰ সম্পাদক
ভূমিধৰ বৰ্মনে ।