অলিম্পিয়া প্ৰতিবেদন
গুৱাহাটীত অনুষ্ঠিত প্ৰথম পূব মণ্ডল ছাব জুনিয়ৰ ৰোলবল চেম্পিয়নশ্বিপত অসমৰ ল’ৰা আৰু ছোৱালী দুয়ো দলে চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে । সোমবাৰে সন্ধিয়া ল’ৰাৰ ফাইনেলত অসমে ঝাৰখণ্ডক ২১-৩ গ’লৰ ব্যৱধানত পৰাস্ত কৰে । এই শাখাত অৰুণাচলে বিহাৰ দলক ৬-০ গ’লত পৰাস্ত কৰি তৃতীয় স্হান লাভ কৰে । ছোৱালী শাখাৰ ফাইনেলত অসমে ঝাৰখণ্ডক ১৩-৩ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়ন হয় । ইফালে মেঘালয়ে অৰুণাচল প্ৰদেশক ৮-৭ গ’লত হৰুৱাই তৃতীয় স্হান অধিকাৰ কৰে ।
১৯-২০ ডিচেম্বৰ অৰ্থাৎ দেও আৰু সোমবাৰে দুদিনীয়াকৈ দিছপুৰৰ স্কেটিং ৰিংকত অনুষ্ঠিত হয় প্ৰথম পূব মণ্ডল ছাব জুনিয়ৰ ৰোলবল চেম্পিয়নশ্বিপ । ইয়াত অংশ গ্ৰহণ কৰে অসমৰ লগতে ঝাৰখণ্ড, বিহাৰ, ছত্তিশগড়, অৰুণাচল, মেঘালয় আদি ৰাজ্যৰ ল’ৰা-ছোৱালী দলে । দেওবাৰে উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় ৰোলবল ফেডাৰেচনৰ সাধাৰণ সম্পাদক (পুনেৰ) চেতন ভাণ্ডাৰকাৰ, পিউছ গ্ৰুপৰ পৰিচালন সঞ্চালক ৰমেন চমুৱা, অসম ৰোলবল সন্থাৰ উপ-সভাপতি যোগেশ কলিতা ৰাজ্যিক সম্পাদক ভূমিধৰ বৰ্মনকে ধৰি বহু বিশিষ্ট লোক ।
এই প্ৰতিযোগিতাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে ভাৰতীয় ৰোলবল ফেডাৰেচনৰ সাধাৰণ সম্পাদক চেতন ভাণ্ডাৰকাৰ । উল্লেখ যে পুনেৰ নিবাসী ভাণ্ডাৰকাৰ ৰোল বলৰ জন্মলগ্নৰ পৰাই জড়িত । পুনেত ৰাজু দাভাডে নামৰ এজন শাৰীৰিক শিক্ষা নিৰ্দেশকে প্ৰৱৰ্তন কৰিছিল ৰোলবল নামৰ খেলবিধ । ৰোলাৰ স্কেটিঙ, বাস্কেটবল, হেণ্ডবল আৰু থ্ৰ বলৰ সংমিশ্ৰণত গঢ়ি তোলা হৈছিল ৰোল বলক । ২০০৫ চলত পুনেত প্ৰথমবাৰলৈ এইখেল অনুষ্ঠিত হৈছিল । ৰাষ্ট্ৰীয় সম্পাদক চেতন ভাণ্ডাৰকাৰে ৰোলবলৰ জনপ্ৰিয়তা দেশৰ সকলো অঞ্চলতে বৃদ্ধি পোৱা বুলি মন্তব্য কৰে ।