Tuesday, October 4, 2022
HomeNewsবিশ্বৰ দামী গাড়ীখনৰ অধিকাৰী হ'ল ক্ৰিষ্টিয়ানো ৰুনাল্ডো, দাম শুনিলে আচৰিত হ'ব আপুনি!

বিশ্বৰ দামী গাড়ীখনৰ অধিকাৰী হ’ল ক্ৰিষ্টিয়ানো ৰুনাল্ডো, দাম শুনিলে আচৰিত হ’ব আপুনি!

অলিম্পিয়া বাৰ্তা

সাধাৰণতে বিখ্যাত ধনৱান ব্যক্তিসকলৰ থাকে কিছুমান অদ্ভুত নিচা। তাৰ ভিতৰত বহুতৰে থকা দেখা যায় দামী দামী গাড়ী, বাইক সংগ্ৰহৰ প্ৰতি থকা বিশেষ ৰাপ। ধনৱান তেনে লোকসকলৰ বাবে কোটি টকা ব্যয় কৰি একোখন গাড়ী অথবা বাইক ক্ৰয় কৰাটো তেনেই সাধাৰণ কথা।

দেখা যায় বহু খেলুৱৈৰে এনে চখ থাকে। কিন্তু পৃথিৱীৰ ভিতৰতে আটাইতকৈ দামী গাড়ীখনৰ অধিকাৰী কোন আপুনি জানেনে? লগতে এই দামী গাড়ীখনৰ মূল্য কিমান হ’ব পাৰে সেই কথা উমান কৰিব পাৰে নে?

শুনিলে আপুনি আচৰিত হ’ব পৃথিৱীৰ ভিতৰতে দামী গাড়ীখনৰ মূল্য। পৰ্টুগালৰ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰুনাল্ডোই ক্ৰয় কৰিছে পৃথিৱীৰ ভিতৰতে দামী এই গাড়ীখন।

গাড়ীখনৰ মূল্য ৮.৫ মিলিয়ন ইউৰো অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত প্ৰায় ৭৫ কোটি টকা। বিখ্যাত বুগাটী কোম্পানীৰ লা ভইছুৰ ন’ইৰে(La Voiture Noire) হৈছে গাড়ীখনৰ নাম।

লা ভইছুৰ ন’ইৰে হৈছে বৰ্তমানলৈ প্ৰস্তুত হোৱা সকলোতকৈ দামী গাড়ী। গাড়ীখন ৮.০ লিটাৰৰ ইঞ্জিন সম্বলিত। এইখন এখন এনেকুৱা গাড়ী য’ত মাত্ৰ ২.৪ চেকেণ্ডতে ০ৰ পৰা ৬০ কিমিলৈ গতিবেগ লাভ কৰিব পাৰি।

৩৮০ প্ৰতি ঘণ্টাৰ সৰ্বাধিক গতিবেগৰ এই গাড়ীখন ক্ৰয় কৰাৰ খবৰ জনাই ইনষ্টাগ্ৰামত প’ষ্ট দিছে ক্ৰিষ্টিয়ানো ৰুনাল্ডোই। নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এই গাড়ী খনৰ সৈতে ৰুনাল্ডোই ফটো প্ৰকাশ কৰা দেখা গৈছে।

https://www.instagram.com/p/CDUDM7XgxH3/?utm_source=ig_web_copy_link

অৱশ্যে এই গাড়ী খন ২০২১ত হে লাভ কৰিব ৰোনাল্ডোৱে। উল্লেখযোগ্য যে ভাৰতত এই গাড়ীখনৰ মূল্য কৰসহ প্ৰায় ১৩৩ কোটি হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

11 − five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments