Wednesday, July 6, 2022
HomeNewsইংলেণ্ড, স্পেইনৰ পিছত ৰোণাল্ডোৰ ইটালী জয়

ইংলেণ্ড, স্পেইনৰ পিছত ৰোণাল্ডোৰ ইটালী জয়

অলিম্পিয়া প্রতিবেদন

বয়স ৩৬৷ কিন্তু এই বয়সতো দুৰ্দান্ত ক্ৰিষ্টিয়ানো ৰোনাল্ডো৷ ইংলেণ্ড, স্পেইনৰ পিছত এইবাৰ ইতালীয়ান লীগত সৰ্ব্বোচ্ছ গলদাতাৰ সন্মান অৰ্জন কৰে ক্ৰিষ্টেয়ানো ৰোনাল্ডোৱে৷ তেওঁৰ ক্লাৱ জুভেষ্টাছে এইবাৰ লীগৰ খিতাপ জয় কৰিব নোৱাৰিলে৷ চতুৰ্থ স্থানতে সন্তুষ্ট থাকিব লগা হ’ল৷ তৎসধেও নিজৰ কৃতিত্ব ৰাখি গ’ল ৰোনাল্ডোৱে৷ ছিজনত মুঠ ২৯ টা গ’ল কৰি লাভ কৰিছে সৰ্বাধিক গলদাতাৰ সন্মান৷ কেৱল সেয়াই নহয় তেওঁ বিশ্ব ফুটবলৰ শীৰ্ষস্থানৰ তিনিটা লীগতো সৰ্বাধিক গ’লদাতা হিচাপে পৰিগণিত হবলৈ আগবাঢ়িছে৷ বিগত তিনিটা ছিজনৰ ১৩৩ খন মেচ ৰোনাল্ডোৱে কৰিছিল ১০১ গ’ল৷ ২০১৯ আৰু ২০২০ বৰ্ষত তেওঁ লাভ কৰিছিল ইতালীৰ শ্ৰেষ্ঠ ফুটবলাৰ সন্মান৷ ইয়াৰ পূৰ্বে ২০০৭-০৮ ছিজনত ইংলিছ প্ৰিমিয়াৰ লীগত মান বেষ্টাৰ ইউনাইটেডৰ হৈ ৩১ গ’ল কৰি প্ৰথমবাৰৰ বাবে সৰ্ব্বোচ্ছ গ’ল দাতাৰ সন্মান অৰ্জন কৰিছিল৷ ক্ৰিষ্টিয়ানো ৰোনাল্ডাৱে৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen + 20 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments