Tuesday, October 4, 2022
HomeNewsফুটবল:জাৰ্মানীত উজলিছে অসমৰ ৰোৱান

ফুটবল:জাৰ্মানীত উজলিছে অসমৰ ৰোৱান

ৰোৱান থাউমুংগ ল’ৰাজনৰ নাম। জন্ম নিউজাৰ্চিৰ প্ৰিন্সটন নামৰ ঠাইত। পিতৃ এইমথি থাউমুংগ আৰু মাতৃ ৰেখা বৰুৱা দুয়োগৰাকী অসমৰে। ৰোৱান ফুটবলৰ প্ৰেমত পৰে চাৰি বছৰ বয়সতে। ২০০৯ চনত থাউমুংগ পৰিয়াল ভাৰতলৈ আহে আৰু বাংগালুৰুতে ফুটবলৰ নিয়মীয়া প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ লয়। ৰোৱানে পঞ্চম মানত থাকোতে মুম্বাইত অনুষ্ঠিত স্কুল ফুটবল চেম্পিয়নশ্বিপত অনুৰ্ধ ১২ বছৰ শাখাত খেলি গ’ল্ডেন বলৰ বঁটা বুটলিবলৈ সক্ষম হয়। এইদৰেই ৰোৱানৰ ফুটবল প্ৰতিভাই গতিশীলতা লাভ কৰে। ষষ্ঠ মান শ্ৰেণীত ৰোৱানে ১৩ বছৰ অনুৰ্ধ শাখাত অংশগ্ৰহণ কৰি স্কুল ফুটবল চেম্পিয়নশ্বিপত নিজ দলটোক জয়ী কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। ২০১৬-১৭ চনত ৰোৱান ভাৰতৰ বিখ্যাত ক্লাব বেংগালুৰু এফ চি ৰ অনুৰ্ধ ১৩ বছৰ দলটোলৈ নিৰ্বাচিত হয়। ২০১৭ চনতেই ৰোৱান ৰিলায়েন্স ফাউণ্ডেচন য়ুথ চেম্পছ ট্ৰেইনিং কেম্পলৈও নিৰ্বাচিত হয়। ২০১৮ চনৰ জুনত ৰোৱান জাৰ্মানীৰ বিখ্যাত ডি এফ এল ৱলফবাৰ্গ দলৰ অনুৰ্ধ ১৪ বছৰ দলটোলৈ নিৰ্বাচিত হৈ বিশেষ খ্যাতি লাভ কৰে। বৰ্তমান সেই দলৰ হৈয়ে ৰোৱানে ফুটবলত বিশেষ পাৰদৰ্শিতা দেখুৱাই ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বৰ্তমানে ফুটবলৰ পথাৰত কচৰৎ অব্যাহত ৰখা ৰোৱানৰ লক্ষ্য ফুটবলৰে খ্যাতি অৰ্জন কৰা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three + 10 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments