Tuesday, October 4, 2022
HomeNewsলকডাউনৰ সময়ছোৱা ভাৰতীয় হকীৰ বাবে যোগাত্মক বিবেচিত হৈছে: ভাৰতীয় দলৰ ফৰৱাৰ্ড এছ...

লকডাউনৰ সময়ছোৱা ভাৰতীয় হকীৰ বাবে যোগাত্মক বিবেচিত হৈছে: ভাৰতীয় দলৰ ফৰৱাৰ্ড এছ ভি সুনীল

olympiasports.in

সমগ্ৰ দেশ লকডাউনৰ বাবে বেংগালুৰুৰ ছাই কেন্দ্ৰত ডেৰমাহ ধৰি একেলগে সময় পাৰ কৰিছে ভাৰতীয় পুৰুষ হকী দলটোৱে। এই সময়চোৱাত একেলগে থকাটো ভাৰতীয় হকীদলটোৰ বাবে অতি যোগাত্মক বুলি বিবেচিত হৈছে। এই কথা উল্লেখ কৰিছে ভাৰতীয় হকী দলটোৰ ফৰৱাৰ্ড এছ ভি সুনীলে। ফৰৱাৰ্ড গৰাকীৰ মতে এই গোটেই সময়ছোৱাই দলটোক একগোট হৈ খেলাৰ ক্ষেত্ৰত অধিক সহায় কৰিব।

‘আমি বেংগালুৰুৰ ছাই কেন্দ্ৰত যোৱা ডেৰমাহ ধৰি আছোঁ আৰু মই ভাবোঁ দলৰ সতীৰ্থ আৰু ক’চিং ষ্টাফৰ সৈতে বেছি সময় কটাব পাৰিলে সেইটোৱে দলটোক অধিক একত্ৰিত কৰি তুলিব। এই সময়ছোৱাত আমি দুটামান ছিজনত কৰা প্ৰদৰ্শনৰ বিশ্লেষণৰ কামো কৰি আছোঁ। ব্যক্তিগতভাৱে নিজৰ প্ৰদৰ্শনৰ বিশ্লেষণো কৰিছোঁ আমি। মই নিশ্চিত যে এইটোৱে খেলপথাৰত যেতিয়া আমি পুনৰ নামিম, তেতিয়া উন্নত প্ৰদৰ্শন দাঙি ধৰাত সহায় কৰিব।’ এই মন্তব্য আগবঢ়াইছে ফৰৱাৰ্ড এছ ভি সুনীলে।

ইফালে এছ ভি সুনীলৰ পত্নী নাছিফা আৰু তেওঁৰ এবছৰীয়া কন্যা সন্তান বেংগালুৰুৰ ছাই কেন্দ্ৰৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ আঁতৰত আছে। খেলৰ বাবেই বহু সময়ত পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ থকা সুনীলে এই লকডাউনৰ সময়ছোৱাত পৰিয়ালৰ লগতেই থাকিবলৈ ইচ্ছা কৰিছিল যদিও সাম্প্ৰতিক জটিল পৰিস্থিতিৰ বাবে সেয়া সমীচীন নহ’ব বুলি অনুধাৱন কৰি পৰিয়ালৰ লগত থকাৰ ইচ্ছাক পৰিহাৰ কৰিছে।

আনহাতে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হোৱা ভাৰতীয় হকী দলটোৰ সম্পৰ্কত সুনীলে কয় যে আমি যোৱা চাৰিবছৰ অলিম্পিকৰ প্ৰতি লক্ষ্য‌ ৰাখিয়েই প্ৰস্তুতি চলাইছিলো। সেই সময়লৈ ফৰ্মৰ শিখৰলৈ উপনীত হোৱাৰ বাবে পৰিশ্ৰম কৰিছিলোঁ। এতিয়া আমি নিশ্চয়কৈ সকলোৱেই পৰিস্থিতিৰ সৈতে খাপ খুৱাই ল’ব লাগিব আৰু সেইটোৰ বাবে আমি সাজু।এতিয়া অৱশ্যে আমি যথেষ্ট সময় পাম নিজকে সাজু কৰাৰ বাবে। সেইদৰে প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখত আমি নিজকে উন্নিত কৰাৰো সুযোগ পাম।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments