ছাব্বাছ মিথু!!

মিথালী ৰাজ। ভাৰতীয় ক্ৰিকেটৰ এটা তেনেই চিনাকি নাম। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৭,০০০ ৰান সম্পূৰ্ণ কৰা তেওঁ বিশ্বৰ একমাত্ৰ মহিলা ক্ৰিকেটাৰ। মিথালী ৰাজৰ অভিলেখৰ তালিকাখন ইয়াতেই সীমাবদ্ধ নহয়। তেওঁ সৰ্বাধিক অৰ্ধশতক অর্জন কৰা বিশ্বৰ একমাত্ৰ মহিলা ক্ৰিকেটাৰ। একেলেথাৰিয়ে সাতটাকৈ অৰ্ধ শতক অর্জন কৰাও তেওঁ বিশ্বৰ প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ। ইয়াৰ উপৰিও টি টুৱেন্টি ক্ৰিকেটত ২০০০ ৰান সংগ্ৰহ কৰা তেওঁ বিশ্বৰে প্রথমগৰাকী মহিলা ক্ৰিকেটাৰ। মুঠতে কৈ থাকিলে যেন ওৰকে নপৰে এইগৰাকী মহিলা ক্ৰিকেটাৰৰ সাফল্যৰ কাহিনী।

ভাৰতীয় মহিলা ক্ৰিকেটক অনন্য মাত্ৰা প্ৰদান কৰা এইগৰাকী মহিলাৰ উত্থানৰ কাহিনী হ’ব পাৰে বহুতৰ বাবে প্ৰেৰণাৰ উৎস। ক্ৰিকেটাৰগৰাকীৰ সংগ্ৰাম আৰু ক্ৰিকেটৰ পথাৰত তেওঁৰ সফলতাৰ প্ৰেৰণাদায়ক কাহিনী এইবাৰ বন্দী হ’ব ৰূপালী পৰ্দাত। এইবাৰ খেলপথাৰত নহয়, ছবিগৃহত দেখিবলৈ পোৱা যাব দেশৰ সফলতম ক্ৰিকেটাৰগৰাকীৰ বিচিত্ৰ জীৱন কাহিনী।

বলিউডৰ প্ৰখ্যাত পৰিচালক ৰাহুল ঢোলাকিয়াৰ পৰিচালনাত সম্প্ৰতি নিৰ্মাণ হৈ আছে ক্ৰিকেটাৰ গৰাকীৰ জীৱনভিত্তিক ছবি ‘ছাব্বাছ মিথু’। বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী টাপছী পন্নুই নাম ভূমিকাত অভিনয় কৰিবলগীয়া ছবিখনৰ প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত।

ছবিখনৰ নিৰ্মাণৰ কালছোৱাত মিথালীৰ ক্রীড়াশৈলী তথা ক্ৰিকেটাৰগৰাকীৰ ব্যক্তিত্বক ওচৰৰ পৰা জানিবলৈ অভিনেত্ৰী টাপছি পন্নুক বিশেষভাৱে সহায় কৰিছে মিথালীৰ অন্তৰংগ বান্ধৱী তথা প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ নুশ্বিন আল খাদীৰে।

মিথালীৰ ক্ৰিকেট শৈলীক তন্ন তন্নকৈ শিকাৰ চেষ্টা কৰিছে অভিনেত্ৰীগৰাকীয়েও। ইতিমধ্যে সামাজিক মাধ্যমত তেওঁ প্ৰকাশ কৰিছে অনুশীলনৰ বিভিন্ন আলোকচিত্ৰ।

এই বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত টাপছি পন্নু অভিনীত ছবিখনে মুক্তি পোৱাৰ কথা আছিল যদিও দেশত সৃষ্টি হোৱা কৰোনাকালীন পৰিৱেশৰ বাবে মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছে ছবিখনৰ। ছবিখনৰ নিৰ্মাতাসকলে এতিয়ালৈ ছবিখনৰ মুক্তিৰ নতুন তাৰিখ ঘোষণা কৰা নাই। আশা কৰা হৈছে দেশলৈ স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ পিছতেই মুক্তি লাভ কৰিব ছাব্বাছ মিথুয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *