Tuesday, October 4, 2022
HomeNewsকৰ'না সাহাৰ্য নিধি:টেণ্ডুলকাৰে আগবঢ়ালে ৫০ লাখ টকাৰ বৰঙণি

কৰ’না সাহাৰ্য নিধি:টেণ্ডুলকাৰে আগবঢ়ালে ৫০ লাখ টকাৰ বৰঙণি

লিটল মাষ্টাৰ শচীন টেণ্ডুলকাৰে কৰ’নাৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আগবঢ়াইছে ৫০ লাখ টকাৰ বৰঙণি। শচীন টেণ্ডুলকাৰে প্ৰধান মন্ত্ৰীৰ সাহাৰ্য্য নিধি আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ ৰাজ্যিক সাহাৰ্য্য নিধিলৈ ২৫ লাখ টকাকৈ আগবঢ়াইছে। এক বিশেষ সূত্ৰই এই কথা নিশ্চিত কৰিছে। উল্লেখযোগ্য যে শচীন টেণ্ডুলকাৰ পূৰ্বৰে পৰা বহু সামাজিক কামত নিয়োজিত হৈ আহিছে।

দেশত ক্ৰমাৎ ভয়াৱহ ৰূপ লোৱা কৰ’নাৰ সৈতে মোকাবিলা কৰিবলৈ ইতিমধ্যে বহু সভ্ৰান্ত লোকে সাহাৰ্য্য নিধিলৈ অনুদান আগবঢ়াইছে। এই ক্ষেত্ৰত ক্ৰীড়াক্ষেত্ৰৰ তাৰকাসকলো পিছ পৰি থকা নাই। ইতিমধ্যে বেডমিণ্টন খেলুৱৈ পি বি সিন্ধু, এথলিট হিমা দাস, বজৰং পুনিয়া, ইৰফান পাঠান, ইউচুফ পাঠানকে আদি কৰি বহুজনে কৰ’নাৰ বিৰুদ্ধে ৰাষ্ট্ৰৰ এই যুঁজত নিজৰ অৱদান আগবঢ়াইছে। ভাৰতীয় বহুকেইজন পুঁজিপতিয়ে ৰাষ্ট্ৰৰ এই যুঁজত হাত উজান দিয়া পৰিলক্ষিত হৈছে। কৰ’না মহামাৰীৰ দ্বাৰা ইতিমধ্যে সমগ্ৰ বিশ্বৰ প্ৰায় পাঁচ লাখকৈ লোক আক্ৰান্ত হৈছে। প্ৰায় ২৪ হেজাৰ লোকে ইয়াৰ ফলত প্ৰাণ হেৰুৱাইছে। ভাৰততো এই ৰোগৰ ফলত এতিয়ালৈ ১৮ জনে প্ৰাণ হেৰুৱাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 − 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments