Sunday, October 2, 2022
HomeNewsকেৰিয়াৰৰ প্ৰথমখন টেষ্ট:পাকিস্তানী বলাৰৰ বিৰুদ্ধে একো উৱাদিহ পোৱা নাছিল শচীনে

কেৰিয়াৰৰ প্ৰথমখন টেষ্ট:পাকিস্তানী বলাৰৰ বিৰুদ্ধে একো উৱাদিহ পোৱা নাছিল শচীনে

olympiasports.in

নিজস্ব ক্ৰীড়া শৈলীৰে বিশ্ব ক্ৰিকেটত নিজৰ এখন সুকীয়া আসন গঢ়িবলৈ সক্ষম হোৱা ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ টেষ্ট মেচৰ আৰম্ভণি বৰ বিশেষ সন্তোষজনক নাছিল। কেৰিয়াৰৰ প্ৰথম মেচখনত মাত্ৰ ১৫ ৰান কৰিয়েই পেভিলিয়নমুখী হ’বলগীয়া হৈছিল শচীন।

ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ নাছিৰ হুছেইনৰ সৈতে স্কাই স্প’ৰ্টছৰ এক অনুষ্ঠানত শচীনে এই টেষ্ট ক্ৰিকেটত আত্ম প্ৰকাশ কৰাৰ সময়ৰ অভিজ্ঞতা প্ৰকাশ কৰিছে।

কেৰিয়াৰৰ আৰম্ভণি সময়ছোৱাত শচীন

শচীনে তেওঁৰ প্ৰথমখন টেষ্টৰ স্মৃতি ৰোমন্থন কৰি কয়- ‘ইমৰান খান, ৱাছিম আক্ৰাম আৰু ৱাকাৰ ইউনিছৰ দৰে দুৰ্ধৰ্ষ বেগী বলাৰৰ বিৰুদ্ধে কেৰিয়াৰৰ প্ৰথমখন টেষ্টত মই একো উৱাদিহ ধৰিব পৰা নাছিলোঁ। ইমৰান, ৱাকাৰ আৰু আক্ৰামৰ তীব্ৰবেগী বাউন্সাৰৰ সন্মুখীন হোৱাটো মোৰ বাবে একেবাৰে নতুন অভিজ্ঞতা আছিল। তেওঁলোকৰ গতি আৰু বাউন্সাৰৰ দ্বাৰা মই কেইবাবাৰো অস্বস্তিত পৰিছিলোঁ আৰু ১৫ ৰান কৰি আউট হোৱাৰ সময়ত ভাবিছিলোঁ যে মোৰ বাবে এয়াই অন্তিম মেচ হ’ব।’

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen + 13 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments