olympiasports.in
আপুনি নিশ্চয় শুনিছে একাংশ ক্ৰিকেটাৰে নিজৰ বিচাৰ-বিবেচনা অনুসৰি বিশ্বৰ বিভিন্ন ক্ৰিকেটাৰৰ মাজৰ পৰা টেষ্ট, এদিনীয়া বা টি-২০ শ্ৰেষ্ঠ একাদশ গঠন কৰে। কিন্তু কেতিয়াবা সৰ্বশ্ৰেষ্ঠ শত্ৰু একাদশ গঠন কৰা শুনিছেনে? পিছে এইবাৰবিশ্বৰ এগৰাকী আগশাৰীৰ ক্ৰিকেটাৰে গঠন কৰিলে তেওঁৰ সৰ্বশ্ৰেষ্ঠ শত্ৰু একাদশ।
হয়, বিশ্বৰ সৰ্বশ্ৰেষ্ঠ শত্ৰু একাদশ গঠন কৰিছে এগৰাকী অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে। সোঁতৰ বিপৰীতে গৈ সৰ্বশ্ৰেষ্ঠ শত্ৰু একাদশ গঠন কৰা এইগৰাকী অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ হ’ল মাইক হাছী। প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে গঠন কৰা এই সৰ্বশ্ৰেষ্ঠ শত্ৰু একাদশত বিশ্বৰ বিভিন্ন দেশৰ ক্ৰিকেটাৰৰ লগতে স্থান পাইছে ভাৰতৰ তিনিগৰাকী ক্ৰিকেটাৰে।
মাইক হাছীৰ এই সৰ্বশ্ৰেষ্ঠ শত্ৰুৰ তালিকাত স্থান পোৱা ভাৰতীয় ক্ৰিকেটাৰ তিনিগৰাকী হ’ল শচীন তেণ্ডুলকাৰ, বিৰেন্দ্ৰ সেহৱাগ আৰু বিৰাট কোহলী।
আনহাতে তেওঁৰ এই ব্যতিক্ৰমী একাদশত স্থান লাভ কৰা আন ক্ৰিকেটাৰসকল হ’ল দক্ষিণ আফ্ৰিকাৰ গ্ৰাম স্মিথ, জেক কালিছ, মৰ্নি মৰ্কেল, ডেল ষ্টেইন, শ্ৰীলংকাৰ মুথিয়া মুৰুলীধৰণ, কুমাৰ ছাংগাকাৰা, ৱেষ্ট ইণ্ডিজৰ ব্ৰায়ান লাৰা আৰু ইংলেণ্ডৰ বলাৰ জেমছ এণ্ডাৰছন।
মাইক হাছীয়ে লগতে উল্লেখ কৰিছে যে ধোনী, ডি ভিলিয়াৰ্ছ আৰু ছাংগাকাৰাৰ মাজৰ পৰা তেওঁৰ উইকেকীপাৰ বেটছমেন নিৰ্বাচিত কৰাত কিছু অসুবিধাৰ সন্মুখীন হৈছে। তেওঁৰ মতে ধোনী আৰু ডি ভিলিয়াৰ্ছ ক্ৰিকেটৰ চুটি সংস্কৰণ বাবে উত্তম কিন্তু টেষ্টৰ বাব ছাংগাকাৰা বেছি প্ৰভাৱশালী।
উল্লেখ্য যে মাইক হাছীয়ে ২০০৫ চনৰ পৰা ২০১৩ চনলৈ যিসকল ক্ৰিকেটাৰৰ বিপক্ষে টেষ্ট ক্ৰিকেট খেলিছিল সেইসকল ক্ৰিকেটাৰৰ মাজৰ পৰাই এই শ্ৰেষ্ঠ শত্ৰু একাদশ গঠন কৰিছে।