Tuesday, October 4, 2022
HomeNewsকোনোবা ইঞ্জিনিয়াৰ, কোনোবা অতিক্ৰম কৰিছে হাইস্কুলৰ দেওনা

কোনোবা ইঞ্জিনিয়াৰ, কোনোবা অতিক্ৰম কৰিছে হাইস্কুলৰ দেওনা

ভাৰতীয় ক্ৰিকেটাৰৰ শিক্ষাগত অৰ্হতা

জীৱনতো অৰ্থবহ কৰি তোলিবলৈ হ’লে কেৱল শিক্ষাগত অৰ্হতাই যে গুৰুত্বপূৰ্ণ নহয় সেয়া বুজিবলৈ হ’লে কেইজনমান ভাৰতীয় ক্ৰিকেটাৰৰ জীৱনলৈ দৃষ্টি নিক্ষেপ কৰিলেই হ’ব৷ ক্ৰিকেটৰ পথাৰত তেওঁলোকৰ কোনোবাজন অভিহিত হৈছে ‘ভগবান’ নামেৰেও৷ অনুপম ক্ৰীড়া শৈলীৰ বাবে বিশ্বজুৰি তেওঁলোক বিখ্যাত৷ উদীয়মানৰ আদৰ্শ৷ কিন্তু শিক্ষাগত অৰ্হতাত তেওঁলোকৰ অধিকাংশই বহুত পিছপৰা৷ অৱশ্যে তেওঁলোকৰ মাজতে কোনো কোনোৱে খেলৰ সমানেই চলাই গৈছে পঢ়া শুনাৰ অভ্যাস৷ সফল হৈছে উচ্ছ শিক্ষাৰ ডিগ্ৰী অৰ্জন কৰাত৷ ভাৰতীয় ক্ৰিকেটৰ তেনে কেইগৰাকীমান ছুপাৰ ষ্টাৰৰ বিষয়েই আজি ইয়াত ক’বলৈ লৈছো৷

শচীন তেণ্ডুলকাৰ ঃ মাত্ৰ ১৬ বছৰ বয়সতেই আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক ঘটিছিল শচীন তেণ্ডুলকাৰৰ৷ হাতত বেট লৈ বিপক্ষৰ শিবিৰত ত্ৰাস সৃষ্টি কৰা শচীন এতিয়া ক্ৰিকেটৰ ‘ভগৱান’৷ কিন্তু বিশ্বত্ৰাস বলাৰ সকলৰ বিৰুদ্ধে সফলতা লাভ কৰিলেও শিক্ষাৰ দিশত বিশেষ আগবাঢ়িব নোৱাৰিলে শচীন৷ দ্বাদশ শ্ৰেণীৰ পিছত আৰু পঢ়াশুনাত আগনাবাঢ়িল তেওঁ৷

বিৰাট কোহলি ঃ ভাৰতীয় ক্ৰিকেটত শচীনৰ উত্তৰসূৰী বুলি কোৱা হয় বিৰাট কোহলিক ৷ মাষ্টাৰ ব্লাষ্টাৰৰ অভিলেখ¸ একমাত্ৰ তেওঁহে ভাঙিবলৈ সক্ষম হ’ব বুলি সকলোৱে মন্তব্য কৰিছে৷ কেৱল ক্ৰিকেটতেই নহয়, পঢ়াশুনাতো কোহলি, শচীনৰ উত্তৰসূৰী৷ দ্বাদশ শ্ৰেণীৰ পিছত পঢ়া-শুনা এৰিলে বিৰাটে৷

মহেন্দ্ৰ সিং ধোনি ঃ বিশ্বকাপ জয়ী ভাৰতীয় দলৰ অধিনায়ক৷ ৰেলৱে’ৰ টিকট কালেক্টৰৰ কাম কৰা ধোনি ভাৰতীয় ক্ৰিকেটৰ সফল অধিনায়ক সকলৰ ভিতৰত অন্যতম৷ ক্ৰিকেটৰ সমান্তৰালকৈ পঢ়া-শুনাও চলাই যোৱা ধোনী বাণিজ্য শাখাৰ স্নাতক৷

যুৱৰাজ সিং ঃ ভাৰতীয় ক্ৰিকেটৰ বিস্ফোৰক বেটছমেন যুৱৰাজ সিং৷ ইংলেণ্ডৰ ষ্টুৱাৰ্ট ব্ৰডৰ এটা আভাৰত ছটা বলত ছটা ছিক্সাৰ কোৱাই ইতিহাস ৰচনা কৰা অলৰাউণ্ডাৰ যুৱৰাজে শিক্ষা জীৱন অৱশ্যে সিমান আগনৱঢ়ালে৷ অনুদ্ধ- ১৯ ভাৰতীয় দলৰ অধিনায়কজনে দ্বাদশ শ্ৰেণীতে পঢ়া-শুনা সামৰে৷

ৰোহিত শৰ্মা ঃ ক্ৰিকেট বিশ্বত তেওঁৰ নাম ‘হিটমেন’৷ তেওঁ খেলপথাৰত নমাৰ লগে লগে এস্তমান হৈ পৰে বিপক্ষৰ শিবিৰ৷ বাউণ্ডেৰী আৰু অভাৰ বাউণ্ডেৰীৰ ‘বিশেষজ্ঞ’ এই গৰাকী ভাৰতীয় বেটছমেন৷ নিজৰ অভূতপূৰ্ব বেটিঙ শৈলীৰে যিকোনো সময়ত খেলৰ গতি সলনি কৰিবলৈ সক্ষম এই গৰাকী বেটছমেনেও দ্বাদশ শ্ৰেণীলৈকেহে পঢ়া-শুনা কৰে৷

অনিল কুম্বলে ঃ ভাৰতৰ টেষ্ট ক্ৰিকেটৰ ইতিহাসত সকলোতকৈ বেছি উইকেট দখল কৰা ভাৰতীয় বলাৰজন৷ যাদুকৰী স্পীনেৰে বিশ্ব ক্ৰিকেটত ত্ৰাসৰ সৃষ্টি কৰা কুম্বলেই অৱশ্যে পঢ়াশুনাও সমানে আগবঢ়াই নিছিল৷ তেওঁ মেকানিকেল ইঞ্জিনিয়াৰ৷ ফটো গ্ৰাফিতো সমানেই চখ তেওঁৰ৷

শিখৰ ধাৱান ঃ পঢ়াশুনাতকৈ ক্ৰিকেট প্ৰাধান্য দিছিল ভাৰতীয় ক্ৰিকেটৰ দক্ষ অ’পেনাৰ বেটছমেনজনে৷ বৰ্তমান শ্ৰীলংকা ভ্ৰমণত থকা ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কৰ দায়িত্বত থকা ধাৱানে দ্বাদশ শ্ৰেণীৰ পিছত পঢ়াশুনা সামৰে৷

জাহিৰ খান ঃ দ্বাদশ শ্ৰেণীৰ দেওনা সুখ্যাতিৰে অতিক্ৰম কৰাৰ পিছত ইঞ্জিনিয়াৰিঙত নামভৰ্তি কৰিছিল জাহিৰে৷ পিছে ইঞ্জিনিয়াৰিঙত কেৰিয়াৰ আগবঢ়োৱাৰ সপোন পুহি ৰখা জাহিৰে ভাৰতীয় পেচ বলিঙ আক্ৰমণৰ নেতৃত্ব লোৱাত ব্যস্ত হোৱাৰ বাবে পঢ়া-শুনা সিমানতেই এৰিলে৷

বীৰেন্দ্ৰ সেহৱাগ ঃ বিশ্ব ক্ৰিকেটত তেওঁক ৱেষ্ট ইণ্ডিজৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন ভিভিয়ান ৰিচাৰ্ছডৰ সৈতে তুলনা কৰা হয়৷ ভাৰতীয় ক্ৰিকেটৰ এই ভয়ংকৰ অপেনাৰজনে ক্ৰিকেটৰ লগতে অৱশ্যে পঢ়া-শুনাত সুকলমে চলাই গৈছিল৷ জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে৷

সৌৰভ গাংগুলী ঃ ভাৰতীয় ক্ৰিকেটক নতুন ৰূপত সজোৱাত সফল প্ৰাক্তন অধিনায়ক তথা বৰ্তমান ভাৰতীয় ক্ৰিকেট কেKCাল বৰ্ডৰ সচিব সৌৰভ গাংগুলী পঢ়া-শুনাতো সমানেই দক্ষ৷ তেওঁ ছেKI× ডেভিয়াছ কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছে৷ যোগ্য নেতৃত্ব, অসাধাৰণ বেটিঙ দক্ষতাৰ অধিকাৰী ‘‘দাদা’’ই পঢ়াশুনাক কেতিয়াও অৱহেলা কৰা নাছিল৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen − three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments