শচীনক অনুপ্ৰাণিত কৰা বিশেষ শিশু ক্ৰিকেটাৰ জনৰ কথাৰে

✍️ পূৰ্ণানন্দ নেওগ

এটি শিশু। নাম মাদ্দাৰাম কাৱাছি। ছট্টিছগড়ৰ মাওবাদী অধ্যুষিত জিলা দান্তেৱাৰাত জন্ম এই বিশেষ শিশুটিৰ। এখন হুইলচেয়াৰক সংগী কৰি চলা ফিৰা কৰা বিশেষভাবে সক্ষম এই শিশুটিৰ প্রিয় খেল ক্ৰিকেট। মাদ্দাৰামে নিজৰ প্ৰতিবন্ধকতাক কেতিয়াও ক্ৰিকেটৰ মাজলৈ আহিবলৈ দিয়া নাই। আন দহটা সক্ষম শিশুৰ দৰেই আবেলি হ’লেই মাদ্দাৰাম ওলাই দৌৰ মাৰে হাতত বেটখন লৈ। পলিঅ’ত আক্ৰান্ত ভৰি দুখনেৰে খোজ কাঢ়িব নোৱাৰে মাদ্দাৰামে। সেয়ে হুইলচেয়াৰখনেই একমাত্ৰ সঁহাৰি। হুইলচেয়াৰখন থৈ হাতত বেটখন লৈ মাদ্দাৰাম ক্ৰিকেট ফিল্ডত নামিলেই সকলো সমনীয়াও উৎসাহিত হৈ পৰে। তাৰ হাতৰ তীব্ৰ শ্বটে যেতিয়া বাউণ্ডেৰী অতিক্ৰম কৰে, হাত চাপৰিৰে ওপচাই পেলাই সকলোৱে। এক দুই ৰাণ লোৱাতো অতি ক্ষিপ্ৰ মাদ্দাৰাম।

অতি শেহতীয়াকৈ ক্ৰিকেট খেলি ভাল পোৱা এইজন শিশুৰ কথা ইণ্টাৰনেটত চৰ্চিত হৈছে। ক্ৰিকেটৰ ভগৱান খোদ শচীন টেণ্ডুলকাৰেই শিশুটোৰ ক্ৰিকেটপ্ৰেম দেখি অভিভূত হৈ পৰিছে। ২০২০ বৰ্ষৰ প্ৰথমটো দিনতে টেণ্ডুলকাৰে শিশু মাদ্দাৰামে ক্ৰিকেট খেলা ভিডিঅ’টো নিজৰ টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰি লিখে, ‘ নিজৰ বন্ধু সকলৰ সৈতে ক্ৰিকেট খেলি থকা মাদ্দাৰামৰ এই সুন্দৰ ভিডিঅ’টোৰ দ্বাৰা আপোনাৰ নতুন বছৰটোৰ আৰম্ভণি কৰক। মোৰ হৃদয় জিনিলে এই ভিডিঅ’ই। মোৰ বিশ্বাস আপোনাৰ হৃদয়ো জিনিবলৈ সক্ষম হ’ব ই।’ মুহূৰ্ততে শচীনৰ টুইটটোৰ ৰিটুইট কৰে বহুজনে। সকলোকে মাদ্দাৰামে খেলি থকা ভিডিঅ’টোৱে চুই যোৱা পৰিলক্ষিত হয়। আনকি ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘালেও এই ভিডিঅ’টো শ্বেয়াৰ কৰি শচীনক ভিডিঅ’টো শ্বেয়াৰ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ইতিমধ্যে ইণ্টাৰনেটত ভাইৰেল হৈ পৰা নিজৰ ভিডিঅ’ সম্পৰ্কে জানিব পাৰি ১৩ বছৰীয়া মাদ্দাৰামে কয়, ‘ মোৰ দেউতা এজন খেতিয়ক। মই যোৱা দুবছৰ ধৰি ক্ৰিকেট খেলি আহিছোঁ। মাটিত চুচৰিহে মই ৰাণ লওঁ। মোৰ ভিডিঅ’টো শ্বেয়াৰ কৰা বাবে মই শচীন টেণ্ডুলকাৰদেৱক ধন্যবাদ জনাইছোঁ। যিসময়ত শচীন টেণ্ডুলকাৰক ক্ৰিকেটৰ ভগৱান বুলি গণ্য কৰা হয়, সেই ক্ৰিকেটৰ ভগৱানৰেই প্ৰেৰণাৰ উৎস হৈ পৰিছে চট্টিশগড়ৰ এই বিশেষভাৱে সক্ষম শিশুটি।

Leave a Reply

Your email address will not be published. Required fields are marked *