সাত বছৰ পূৰ্বে ২০১৩ চনৰ ১৬ নৱেম্বৰ তাৰিখে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল শচীন তেণ্ডুলকাৰে। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত খেলিছিল তেওঁৰ অন্তিম তথা ২০০ সংখ্যক টেষ্ট মেচখন। ৱেষ্ট ইণ্ডিজৰ বিপক্ষে অনুষ্ঠিত হোৱা মেচখনত শচীনে এটা অৰ্ধশতকীয় ইনিংছ অনুৰাগীক উপহাৰ দিছিল। এই মেচখনৰ পিছতেই শচীনক ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ ব্ৰাইন লাৰা, ক্ৰিছ গেইল আদিয়ে উপহাৰ হিচাপে প্ৰদান কৰিছিল এটা ষ্ট্ৰীলৰ ড্ৰাম।
সাত বছৰ পিছত এই ড্ৰাম বজাই শচীনে ৰূমণ্ঠন কৰিলে সেই বিশেষ আবেলিটোৰ কথা। লগতে ধন্যবাদ জনালে ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ ব্ৰাইন লাৰাকে প্ৰমুখ্যে কৰি ক্ৰিকেটাৰসকলক।