Friday, September 30, 2022
HomeNewsশচীনৰ বাবে মেলডী কুইন লতা মংগেশকাৰ আছিল মাতৃ তুল্য : সম্বোধন কৰিছিল...

শচীনৰ বাবে মেলডী কুইন লতা মংগেশকাৰ আছিল মাতৃ তুল্য : সম্বোধন কৰিছিল “আই” বুলি

অলিম্পিয়া প্ৰতিবেদন

দেওবাৰে জীৱন নাট সামৰিলে কোকিলকন্ঠী লতা মংগেশকাৰে । ভাৰতৰ প্ৰতি কোণত বৈ গ’ল বিষাদৰ বন্যা । লতাজীৰ অন্তিম যাত্রাত শ্ৰদ্বাৰ্ঘ নিবেদিলে অজস্ৰ গুণমুগ্ধই । বিশ্ববৰেণ্য শিল্পীগৰাকীৰ মৃত্যুয়ে কঁপাই গল দেশৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক ক্ষেত্ৰৰ লগতে সমগ্ৰ ক্ৰীড়াক্ষেত্র ।


এইগৰাকী স্বনামধন্য শিল্পীৰ ভাৰতীয় ক্ৰিকেটৰ সৈতে আছিল এক নিবিড় সম্পৰ্ক । লতা মংগেশকাৰৰ মৃত্যুত ম্ৰিয়মান হৈ পৰিছিল ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ, কিংবদন্তি ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ, কপিল দেৱ, বিৰাট কোহলি আদি তাৰকা খেলুৱৈসকল । মেলডী কুইনৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে ভাৰতীয় ক্ৰিকেটাৰসকলে প্ৰেৰণ কৰিছিল শোকবাৰ্তা । লতাজীৰ অন্তিম বিদায় মুহুৰ্তত গুণমুগ্ধৰ লগতে উপস্থিত আছিল শচীন তেণ্ডুলকাৰো । “আই ” বুলি সম্বোধন কৰা জীৱন্ত সৰস্বতী গৰাকীৰ মৃত্যুত ভাগি পৰিছিল মাষ্টাৰ ব্লাষ্টাৰ শচীন । প্ৰকৃততে শচীনৰ সৈতে লতাজীৰ আছিল এক সুমধুৰ সম্পৰ্ক– যি সম্পৰ্ক আছিল এগৰাকী মাতৃৰ সমতুল্য । কোকিলকন্ঠী লতা মংগেশকাৰৰ সৈতে শচীন টেণ্ডুলকাৰৰ সাক্ষাৎৰ ফটোৱে কয় কিমান নিবিড় আছিল এই সম্পৰ্ক !


আজি সমগ্ৰ বিশ্ববাসীৰ লগতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আই – এ সোৱৰিছে লতাদিদিক । কাৰণ কেইবা দশকৰ পূৰ্বেই ১৯৮৩ চনত ভাৰতীয় ক্ৰিকেটৰ বাবে যি কাম কৰিছিল তাৰবাবে লতা মংগেশকাৰৰ ওচৰত সদায় ঋণী হৈ থাকিব বি চি চি আই । প্ৰথম বিশ্বকাপজয়ী ভাৰতীয় ক্ৰিকেটাৰক দিবলৈ বিচিচিআইৰ হাতত নাছিল ধন । তেতিয়াই ত্রাণকৰ্তাৰ ৰূপত ধৰা দিছিল লতা মংগেশকাৰ ।সেই সময়ত বি চি চি আইৰ সভাপতি আছিল ৰাজসিং ডুংগৰপুৰ । বি চি চি আইৰ সভাপতিজনৰ এষাৰ কথাতেই দিল্লীৰ ইণ্ডিয়া গান্ধী ষ্টেডিয়ামত লতাদিদিয়ে বিনামূল্যে কৰিছিল সংগীতানুষ্ঠান ।তাৰপৰা সংগ্ৰহ হোৱা ২০ লাখ টকা ধনেৰে এদিনীয়া বিশ্বকাপজয়ী ভাৰতীয় ক্ৰিকেট দলটোৰ প্ৰতিগৰাকীক বি চি চি আইয়ে প্ৰদান কৰিছিল ১ লাখকৈ টকা। সেয়ে আজি অতীত সোৱৰি মৰ্মাহত হৈছে বিশ্বৰ অন্যতম শক্তিশালী ক্ৰিকেট বৰ্ড বি চি চি আই ।


কেৱল ইমানেই নহয়। ২০১১ বৰ্ষত ভাৰতত অনুষ্ঠিত আই চি চি এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলৰ সময়ত ভাৰতৰ জয়ৰ কামনাৰে ভাৰতৰত্ন লতা মংগেশকাৰ উপবাসে থাকি কৰিছিল প্ৰাৰ্থনা । ভাৰতে ঐতিহাসিক জয় সাব্যস্ত কৰাৰ পাছতহে তেওঁ নিশাৰ আহাৰ গ্ৰহণ কৰিছিল বুলি এক সাক্ষাৎকাৰত উল্লেখ কৰিছিল লতাজীয়ে।


সঁচাকৈ অতুলনীয় এইগৰাকী সংগীত শিল্পী । ক্ৰীড়াক অন্তৰৰ পৰা কিমান ভাল পালে কৰিব পাৰে এনে কাম– সেয়া সহজেই অনুমেয়। মৃত্যুক চিৰন্তন সত্য বুলি মানি ৰাষ্ট্ৰীয় মৰ্যাদাৰে বিদায় দিয়া হ’ল ধৰাৰ সৰস্বতীস্বৰূপ লতা মংগেশকাৰক । যশস্বী শিল্পীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰি দেওবাৰে ভাৰত-ৱেষ্ট ইণ্ডিজ এদিনীয়া মেচতো কলা বেজ পৰিধান কৰি ভাৰতীয় ক্ৰিকেটাৰসকল নামিল মৈদানত ।


এইগৰাকী মহান ব্যক্তিত্বৰ শিল্পী সকলোৰে বাবে য়আৰ্দশ । তেওঁৰ সুৰীয়া গীতৰ যাদুৱে যুগে যুগে বিয়পি থাকিব ভাৰতীয়ৰ মন-প্ৰাণ । মেলডী কুইনৰ আত্মাই চিৰশান্তি লাভ কৰক এয়ে সকলোৱে কৰিছে কামনা ।
অলিম্পিয়া স্পৰ্টছৰ তৰফৰ পৰাও মেলডী কুইনলৈ জনোৱা হ’ল শতকোটি প্ৰণাম ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

11 + 15 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments