অলিম্পিয়া প্ৰতিবেদন
কিম্বদন্তী ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰে ক্ৰিকেটৰ সৰ্বোচ্চ সন্থা আই চি চি লৈ জনাইছে এটা বিশেষ আহ্বান। সকলো বেটছমেনৰ বাবে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ আহ্বান জনাইছে তেওঁ। চলিত বৰ্ষৰ আই পি এলৰ এখন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বেটছমেন বিজয় শংকৰক ৰান লোৱাৰ সময়ত বলে কৰা আঘাতৰ কথা আঙুলিয়াই দি তেওঁ কয় যে সদ্যহতে আমি যি দেখিলোঁ সেয়া আৰু অধিক গুৰুতৰো হ’ব পাৰিলেহেঁতেন। খেলবিধ আগতকৈ বেগী ঠিকেই হৈছে কিন্তু সেই অনুসৰি সুৰক্ষিত হৈছে জানো? তেওঁ লগতে কয় যে স্পীনাৰেই হওক বা পেচ বলাৰেই হওক বেটছমেনে হেমলেট পিন্ধাটো বাধ্যতামূলক কৰিব লাগে।
উল্লেখযোগ্য যে কিছুমান বেটছমেনে সাধাৰণতে স্পীনাৰৰ বলিঙৰ সময়ত হেমলেট পৰিধান নকৰে। কিন্তু বলৰ আঘাতত খেলুৱৈ ধাৰাশাৰী হোৱাৰ অলেখ উদাহৰণ আছে। অষ্ট্ৰেলিয়াৰ এগৰাকী প্ৰতিভাৱান ক্ৰিকেটাৰ ফিলিপ হিউজে বলাৰৰ বলৰ আঘাতত প্ৰাণ হেৰুৱাব লগাও হৈছিল।