অলিম্পিয়া প্ৰতিবেদন
কাৰ্বি আংলং জিলাৰ লাংহিন তিনিআলি ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু বড়ো শ্বহীদ ন্যাসৰ সহযোগত লাংহিনৰ গৰৈমাৰী ষ্টেডিয়ামত চলি থকা ২৪সংখ্যক বড়ো শ্বহীদ কাপ ফুটবল প্ৰতিযোগিতাত চেণ্টাৰৰ ক্লিৰডাপ ফুটবল ক্লাৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এই প্ৰতিযোগিতাৰ মংগলবাৰে অনুষ্ঠিত অন্তিমখন কোৱাৰ্টাৰ ফাইনেলত ক্লিৰডাপ এফ.চি.য়ে মৰিগাঁৱৰ বাংফ’ৰ ইউনাইটেড ফুটবল ক্লাৱক ৫-২গ’লত পৰাজিত কৰে।
খেলখনত ক্লিৰডাপ এফ.চি.ৰ হৈ চনম বসুমতাৰী(১৪,৭৯মিনিট)আৰু লুইথ’ বসুমতাৰী(১৬,৫০মিনিট)য়ে দুটাকৈ তথা এম.দৈমাৰীয়ে(৯মিনিট)এটাকৈ গ’ল দিয়াৰ বিপৰীতে বাংফ’ৰ ইউনাইটেড এফ.চি.ৰ হৈ গ’ল দুটা দিয়ে লক্ষজিত দলৈ(৭মিনিট) আৰু ধনজিৎ ৰামচিয়াৰী(১৯মিনিট)য়ে।
খেলখন পৰিচালনা কৰাত ৰেফাৰী হনসিং কিলিঙক সহায় কৰে আলংবাৰ স্বৰ্গীয়াৰী,আৰউইনচন কিলিং আৰু বাজু টিচ'(চতুৰ্থ)য়ে।আজি ক্লিৰডাপ এফ.চি.ৰ চনম বসুমতাৰী শ্ৰেষ্ঠ খেলুৱৈৰূপে বিবেচিত হয়।বুধবাৰে প্ৰথমখন ছেমি ফাইনেলত ডিফুৰ জিৰপ’ শিংৰী ফুটবল ক্লাৱে লাংহিন তিনিআলি ক্ৰীড়া সন্থা-‘এ’ দলৰ বিৰুদ্ধে প্ৰতিদ্বণ্ডিতা কৰিব বুলি আয়োজক সন্থাটোৰ সম্পাদক নাৰয়ণ বসুমতাৰীয়ে জনাইছে।
✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন