Sunday, October 2, 2022
HomeNewsলাংহিনত বড়ো শ্বহীদ কাপ ফুটবলৰ শুক্ৰবাৰৰ ফাইনেলত লাংহিন তিনিআলি ক্ৰীড়া সন্থা'এ' ...

লাংহিনত বড়ো শ্বহীদ কাপ ফুটবলৰ শুক্ৰবাৰৰ ফাইনেলত লাংহিন তিনিআলি ক্ৰীড়া সন্থা’এ’ বনাম ইউনাইটেউ ব্ৰাদাৰ্ছ

অলিম্পিয়া প্ৰতিবেদন

কাৰ্বি আংলং জিলাৰ লাংহিন তিনিআলি ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু বড়ো শ্বহীদ ন্যাসৰ সহযোগত লাংহিনৰ গৰৈমাৰী ষ্টেডিয়ামত চলি থকা ২৪সংখ্যক বড়ো শ্বহীদ কাপ ফুটবল প্ৰতিযোগিতাৰ শুক্ৰবাৰৰ ফাইনেলত লাংহিন তিনিআলি ক্ৰীড়া সন্থা-‘এ’ দলে ডিফুৰ ইউনাইটেড ব্ৰাদাৰ্ছৰ বিৰুদ্ধে খিতাপ লাভৰ যুঁজত প্ৰতিদ্বণ্ডিতা কৰিব।এই প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত ডিফুৰ ইউনাইটেড ব্ৰাদাৰ্ছ ফুটবল ক্লাৱে চেণ্টাৰৰ ক্লিৰদাপ ফুটবল ক্লাৱক ২-১গ’লত পৰাজিত কৰে।

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

খেলখনত ইউনাইটেড ব্ৰাদাৰ্ছৰ হৈ জেৰি পুলামটে গ’ল দুটা দিয়াৰ বিপৰীতে ক্লিৰদাপ এফ.চি.ৰ হৈ লুইথ’ বসুমতাৰীয়ে একমাত্ৰ গ’লটো দিয়ে। খেলখন পৰিচালনা কৰাত ৰেফাৰী আলংবাৰ স্বৰ্গীয়াৰীক সহায় কৰে আৰউইনচন কিলিং,হনসিং কিলিং আৰু মিণ্টু বৰদলৈয়ে (চতুৰ্থ)।ইউনাইটেড ব্ৰাদাৰ্ছৰ জেৰি পুলামটে শ্ৰেষ্ঠ খেলুৱৈৰূপে বিবেচিত হয়।শুক্ৰবাৰে ফাইনেল খেলখন বিয়লি ডেৰ বজাত আৰম্ভ হ’ব বুলি আয়োজক সন্থাটোৰ সম্পাদক নাৰয়ণ বসুমতাৰীয়ে জনাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

six + eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments