অলিম্পিয়া প্ৰতিবেদন
কাৰ্বি আংলং জিলাৰ লাংহিন তিনিআলি ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু বড়ো শ্বহীদ ন্যাসৰ সহযোগত লাংহিনৰ গৰৈমাৰী ষ্টেডিয়ামত চলি থকা ২৪সংখ্যক বড়ো শ্বহীদ কাপ ফুটবল প্ৰতিযোগিতাত ডিফুৰ জিৰপ’ শিংৰী ফুটবল ক্লাৱে অগ্ৰগতি লাভ কৰিছে।ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ মুঠ-৯টা আগশাৰীৰ দলৰ যোগদানৰে আয়োজিত আমন্ত্ৰণমূলক এই প্ৰতিযোগিতাৰ আজিৰ খেলত ডিফুৰ জিৰপ’ শিংৰী এফ.চি.য়ে হাওৰাঘাট ক্ৰীড়া সন্থাক ৩-২গ’লত পৰাজিত কৰে।তুমুল প্ৰতিদ্বণ্ডিতামূলক খেলখনত জিৰপ’ শিংৰী এফ.চি.ৰ হৈ ইয়েবিনে দুটা আৰু ডেৱিকাই এটাকৈ গ’ল দিয়াৰ বিপৰীতে হাওৰাঘাট ক্ৰীড়া সন্থাৰ হৈ গ’ল দুটা শ্বাইনিং চাংমা আৰু মৰিংহাম জিগদুঙে দিয়ে।
জিৰপ’ শিংৰী এফ.চি.ৰ ইয়েবিন শ্ৰেষ্ঠ খেলুৱৈৰূপে বিবেচিত খেলখন পৰিচালনা কৰাত ৰেফাৰী মিণ্টু বৰদলৈক সহায় কৰে আৰউনচন কিলিং,হনসিং কিলিং আৰু বাজু টিচ'(চতুৰ্থ)য়ে।শুক্ৰবাৰে উদ্বোধনী খেলখনত মৰিগাঁৱৰ বাংফৰ ইউনাইটেড ফুটবল ক্লাৱে নগাঁৱৰ জে.বি. ফুটবল ক্লাৱক ৩-০গ’লত পৰাজিত কৰিছিল। প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ সাধাৰন সম্পাদক ড° পংকজ টেৰণে।দেওবাৰৰ খেলত ডিফুৰ ইউনাইটেড ব্ৰাৰ্দাছে লাংহিন তিনিআলি ক্ৰীড়া সন্থা-‘বি’ দলৰ বিৰুদ্ধে প্ৰতিদ্বণ্ডিতা কৰিব বুলি আয়োজক সন্থাটোৰ সম্পাদক নাৰয়ণ বসুমতাৰীয়ে জনাইছে।
✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন