লাংহিনত বড়ো শ্বহীদ কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ

অলিম্পিয়া প্ৰতিবেদন

কাৰ্বি আংলং জিলাৰ লাংহিন তিনিআলি ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু বড়ো শ্বহীদ ন্যাসৰ সহযোগত লাংহিনৰ গৰৈমাৰী ষ্টেডিয়ামত শুকুৰবাৰৰ পৰা ২৪ সংখ্যক বড়ো শ্বহীদ কাপ ফুটবল প্ৰতিযোগিতাখনি আৰম্ভ হৈছে।ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ মুঠ-৯টা আগশাৰীৰ দলৰ যোগদানৰে আয়োজিত আমন্ত্ৰণমূলক এই প্ৰতিযোগিতাৰ আজি উদ্বোধনী খেলত মৰিগাঁৱৰ বাংফৰ ইউনাইটেড ফুটবল ক্লাৱে নগাঁৱৰ জে.বি. ফুটবল ক্লাৱক ৩-০গ’লত পৰাজিত কৰে।

খেলখনত বাংফৰ ইউনাইটেড এফ.চি.ৰ হৈ ৰঞ্জন নাৰ্জাৰীয়ে দুটা(২৪,৩৭মিনিট) আৰু উদিত বসুমতাৰীয়ে এটা (৩৪মিনিট)কৈ গ’ল দিয়ে।খেলখন পৰিচালনা কৰাত ৰেফাৰী আলংবাৰ স্বৰ্গীয়াৰীক সহায় কৰে বাজু টিচ’,আৰউইনচন কিলিং আৰু হনসিং কিলিঙে(চতুৰ্থ)।প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ সাধাৰন সম্পাদক ড° পংকজ টেৰণে।শণিবাৰৰ খেলত ডিফুৰ জিৰপ’ শিংৰী এফ.চি.য়ে হাওৰাঘাট ক্ৰীড়া সন্থাৰ বিৰুদ্ধে প্ৰতিদ্বণ্ডিতা কৰিব বুলি আয়োজক সন্থাটোৰ সম্পাদক নাৰয়ণ বসুমতাৰীয়ে জনাইছে।উল্লেখ্য যে,প্ৰতিযোগিতাৰ ফাইনেল খেলখন ৪ডিচেম্বৰত অনুষ্ঠিত হ’ব।

✍️দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

Leave a Reply

Your email address will not be published. Required fields are marked *