Wednesday, July 6, 2022
HomeNewsIPL, CPL ৰ পিছত এইবাৰ আমেৰিকা টি-২০লীগত দল ক্ৰয় কৰিব শ্বাহৰুখ...

IPL, CPL ৰ পিছত এইবাৰ আমেৰিকা টি-২০লীগত দল ক্ৰয় কৰিব শ্বাহৰুখ খানে

IPL, CPL ৰ পিছত এইবাৰ শ্বাহৰুখ খানৰ লক্ষ্য USA টি-২০ লীগ। বলিউদৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে ইণ্ডিয়ান ছুপাৰ লীগ আৰু কেৰিবীয়ান ছুপাৰ লীগত নিজৰ ফ্ৰেন্সাইজি নাইটৰাইডাৰ্ছক গ্লেবল পৰ্যায়লৈ উন্নিত কৰিবলৈ প্ৰয়াস কৰিছে। সেয়ে তেওঁ পোন প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হবলগীয়া USA টি-২০ লীগত নাইটাৰাইডাৰ্ছৰ জৰিয়তে দল ক্ৰয় কৰিব।

আমেৰিকা ক্ৰিকেট এণ্টাৰপ্ৰাইজৰ জৰিয়তে ২০২২ চনত পোন পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হবলগীয়া USA টি-২০ লীগত শ্বাহৰুখ খানে লছ এঞ্জেলেছ নাইটৰাইডাৰ্ছ নামেৰে এটা ফ্ৰেন্সাইজি ক্ৰয় কৰাৰ মন মেলিছে। জানিব পৰা মতে প্ৰতিযোগিতাখনত ছটা ফ্ৰেন্সাইজি থাকিব।

বলিউদৰ অভিনেতা শ্বাহৰুখ খানে এই বিষয়ত সংবাদ মাধ্যমৰ আগত কয় যে, বিশ্বৰ যতেই ডাঙৰ ক্ৰিকেট লীগ হব তাতেই আমি প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিম।

ইফালে আমেৰিকা ক্ৰিকেট এণ্টাৰপ্ৰাইজৰ সহ-প্ৰতিষ্ঠাপক বিজয় শ্ৰীনিৱাসনে সংবাদ মাধ্যমৰ আগত কয় যে, শ্বাহৰুখ খানৰ নাইটৰাইডাৰ্ছ এই লীগৰ সদস্য হোৱাত আমি আনন্দিত হৈছো। ইয়াৰ জৰিয়তে আমেৰিকা ক্ৰিকেটে গতি লাভ কৰিব।

মনকৰিবলগীয়া যে শ্বাহৰুখ খানৰ নাইটৰাইডাৰ্ছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত দুবাৰ খিতাপ জয় কৰাৰ লগতে কেৰিবীয়ান প্ৰিমিয়াৰ লীগত ৪ বাৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three + eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments