Monday, October 3, 2022
HomeNewsগুৱাহাটী ছাইত প্ৰশিক্ষক- খেলুৱৈক সম্বৰ্ধনা

গুৱাহাটী ছাইত প্ৰশিক্ষক- খেলুৱৈক সম্বৰ্ধনা

অলিম্পিয়া প্ৰতিবেদন

সোমবাৰে গুৱাহাটী স্পৰ্টছ অ’থৰেটি অফ ইণ্ডিয়া চমুকৈ ছাইৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয় বক্সিঙৰ প্ৰশিক্ষক অইনাম গীতা চানুক । ছাইৰ ষ্টেডিয়ামত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে ছাইৰ সঞ্চালক সতীশ কুমাৰ ছাৰ্হাদী, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁ‌ৱৰ, ভাৰতীয় বক্সিং ফেডাৰেচনৰ সম্পাদক তথা অসম বক্সিং সন্থাৰ সম্পাদক হেমন্ত কলিতা, ক্ৰীড়া সংগঠক বিষ্ণুৰাম নুনিছা, ভৱজ্যোতি গোস্বামী আৰু ছাইৰ প্ৰশিক্ষক পদুম বড়ো।
উল্লেখনীয় যে জৰ্দানৰ আম্মানত অনুষ্ঠিত এছিয়ান য়ুথ আৰু জুনিয়ৰ বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ মূঠ ৪৯ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল । তাৰ ভিতৰত ৩৯ টা পদক বুটলিবলৈ সক্ষম হৈছিল গীতা চানুৰ লগতে ভাৰতীয় চাৰি গৰাকী প্ৰশিক্ষকৰ তত্তাৱধানত যোৱা খেলুৱৈৰ দলটোৱে । যাৰ বাবে ছাইৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয় গীতা চানুক ।

ভাৰতীয় দলৰ বৃহৎ সফলতাৰ পাছত অসমৰ বিষয়তো গীতা চানুৱে দিয়ে বহু গুৰুত্বপূৰ্ণ মন্তব্য । অসম বক্সিঙৰ আন্তগাঁ‌থনি বা খেলুৱৈসকলৰ অনুশীলনৰ ক্ষেত্ৰত থাকিবলগীয়া সা- সুবিধা অতি দুৰ্বল বুলিও কয় গীতা চানুৱে

উক্ত অনুষ্ঠানত বধিৰ অলিম্পিকলৈ নিৰ্বাচিত হোৱা অসমৰ টাইকোৱাণনডো খেলুৱৈ অভিনন্দন গোস্বামীৰ লগতে অসমৰ আন এগৰাকী আৰ্চাৰী খেলুৱৈ মিছ মাৰিয়া অক্সিতাকো এখনি ফুলাম গামোচা, এটি জাপি আৰু এথোপা ফুলেৰে সম্বৰ্ধনা জনোৱা হয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments