Friday, September 30, 2022
HomeNewsঘৰত আৱদ্ধ হৈ থকা লাভলীনালৈ ছাইয়ে(SAI) প্ৰেৰণ কৰিলে অনুশীলন সামগ্ৰী

ঘৰত আৱদ্ধ হৈ থকা লাভলীনালৈ ছাইয়ে(SAI) প্ৰেৰণ কৰিলে অনুশীলন সামগ্ৰী

olympiasports.in

দেশজুৰি চলি থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাই বৰ্তমান গোলাঘাটৰ বৰমুখীয়া গাঁৱৰ নিজা গৃহত আৱদ্ধ হৈ আছে। টকিঅ’ অলিম্পিকলৈ নিৰ্বাচিত হোৱা বক্সাৰগৰাকীয়ে যাতে ঘৰত থকা সময়ছোৱাত অনুশীলনৰ পৰা বঞ্চিত হ’বলগীয়া নহয় তাৰ বাবে ছাইয়ে (SAI) গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। ভাৰতৰ অলিম্পিকপ্ৰত্যাশি খেলুৱৈসকলক বিভিন্ন ধৰণে সাজু কৰি তোলাৰ বাবে গঠন হোৱা টাৰ্গেট অলিম্পিক প’ডিয়াম স্কীম চমুকৈ TOPSৰ অধীনত লাভলীনালৈ আগবঢ়োৱা হৈছে অনুশীলনৰ সামগ্ৰী।

বক্সিঙৰ প্ৰয়োজনীয় অনুশীলন সামগ্ৰীসমূহ লাভ কৰাৰ পিছতে লাভলীনাই ছ’চিয়েল মিডিয়াৰ যোগেৰে সন্তুষ্টি প্ৰকাশ কৰে। লগতে বক্সাৰগৰাকীয়ে এই সুবিধা আগবঢ়োৱাৰ বাবে ছাইৰ গুৱাহাটীৰ অধ্যক্ষ ডঃ সুভাষ বসুমতাৰী, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, অসম বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাৰ লগতে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেন ৰিজিজুলৈ কৃতজ্ঞতা জ্ঞাপন কৰে।


সামগ্ৰীখিনি লাভ কৰি উৎফুল্লিত হৈ পৰা বক্সাৰ গৰাকীয়ে কয় যে সামগ্ৰীখিনি লাভ কৰাৰ ফলত এতিয়া সুচাৰুৰূপে বক্সিঙৰ অনুশীলন কৰিবলৈ সুবিধা হ’ব। উল্লেখযোগ্য যে আজি বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে বক্সাৰগৰাকীয়ে নিজ গৃহতে গছপুলি ৰোপণ কাৰ্য্যসূচীও গ্ৰহণ কৰে।

ধৰিত্ৰী দিৱস উপলক্ষে গছপুলি ৰোপণ কৰে লাভলীনাই
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen − 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments