Tuesday, October 4, 2022
HomeNewsছাইৰ প্ৰশিক্ষক পদত অসমৰ ৬ গৰাকী : প্ৰণামিকা, গীতা চানুক...

ছাইৰ প্ৰশিক্ষক পদত অসমৰ ৬ গৰাকী : প্ৰণামিকা, গীতা চানুক প্ৰশিক্ষক নিযুক্তি

অলিম্পিয়া প্ৰতিবেদন

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ চমুকৈ ছাইৰ বিভিন্ন কেন্দ্ৰত নিযুক্তি লাভ কৰিছে অসমৰ ৬ গৰাকী প্ৰশিক্ষকে । যোৱা ১৬ ফেব্ৰুৱাৰীত প্ৰকাশ কৰা অনুসৰি অসমৰ প্ৰণামিকা বৰা , গীতা চানুক প্ৰশিক্ষক (বক্সিং), মিনিশ্ৰাঙ গয়াৰী (ফুটবল), দীপজ্যোতি কচাৰী (বক্সিং), দময়ন্তী বড়ো (কাবাডি) আৰু ভাস্কৰ জ্যোতি শৰ্মা (টেবুল টেনিছ)ক সহ প্ৰশিক্ষক ৰূপে নিযুক্তি দিয়া হৈছে । ইয়াৰ ভিতৰত প্ৰণামিকাই হাৰিয়ানাৰ সোণেপটত, ভাস্কৰ জ্যোতিয়ে কলকাতা ছাইৰ নেতাজী সুভাষ ইষ্টাৰ্ণ চেন্টাৰত, দময়ন্তীয়ে কোকৰাঝাৰত আৰু মিনিশ্ৰাঙ, গীতা চানু, দীপজ্যোতি কচাৰীয়ে গুৱাহাটীৰ ছাইত যোগদান কৰিছে ।
উল্লেখ্য যে ২০২৪ আৰু ২০২৮ অলিম্পিকৰ প্ৰস্তুতি হিচাপে ছাইৰ দ্বাৰা ৩৯৮ গৰাকী প্ৰশিক্ষক আৰু সহকাৰী প্ৰশিক্ষকক নিযুক্তি দিয়া হৈছে । নিযুক্তি লাভ কৰা সকলৰ ভিতৰত কেইবাগৰাকীও প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াবিদ আৰু অৰ্জুন বটাঁ বিজয়ীও আছে । মুঠ ২১ বিধ ক্ৰীড়াৰ বাবে প্ৰশিক্ষকৰ শক্তি বৃদ্ধি কৰিবলৈ ছাই আৰু ভাৰত চৰকাৰৰ যুৱ কল্যাণ তথা ক্ৰীড়া বিভাগে এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে । ভাৰতীয় প্ৰতিভাবান ক্ৰীড়াবিদক ৩৬০ ডিগ্ৰী সমৰ্থন দিয়াৰ বাবেই এই ব্যৱস্থা লোৱা হৈছে । নিযুক্তি লাভ কৰা সকলৰ ভিতৰত চাৰিগৰাকী অৰ্জুন বটাঁ বিজয়ী, এগৰাকীকৈ ধ্যানচান্দ বঁটা আৰু দ্ৰোৰ্ণাচাৰ্য বঁটা লাভ কৰা ক্ৰীড়াবিদো আছে । ইতিপূৰ্বে ছাইৰ প্ৰশিক্ষক হিচাপে চুক্তিৰ ম্যাদ অন্ত পৰা কেইবাগৰাকীও লোকক যোগ্যতা অনুসৰি পুনৰ নিযুক্তি দিয়া হৈছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 + 16 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments