Tuesday, October 4, 2022
HomeNewsআদ্যশ্ৰাদ্ধৰ দিনটোত বিশিষ্ট ক্রীড়া সংগঠক সমীৰণ বৰদলৈক স্মৰণ অসম পেৰালিম্পিক সন্থাৰ

আদ্যশ্ৰাদ্ধৰ দিনটোত বিশিষ্ট ক্রীড়া সংগঠক সমীৰণ বৰদলৈক স্মৰণ অসম পেৰালিম্পিক সন্থাৰ

অলিম্পিয়া প্রতিবেদন

অসম পেৰালিম্পিক সন্থাই বুধবাৰে গুৱাহাটীৰ পল্টনবজাৰস্থিত গ্ৰীণ এনক্লেভত সন্থাৰ সভাপতি প্ৰয়াত সমীৰণ বৰদলৈৰ আদ্যশ্ৰাদ্ধ উপলক্ষে এক শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠানৰ আয়োজন কৰে। আজি অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দেই বৰদলৈৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে অসমৰ ক্রীড়াক্ষেত্ৰলৈ বৰদলৈৰ অৰিহণাক শ্ৰদ্ধাৰে সোঁৱৰে। বৰদলৈৰ মৃত্যুত এটা যুগৰ অৱসান ঘটিল বুলি মন্তব্য কৰে দেই। অসম পেৰালিম্পিক সন্থাৰ কাৰ্যবাহী সভাপতি ৰাজীৱ দাসেও সন্থাৰ হৈ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকা অসম পেৰালিম্পিক সন্থাৰ আন আন সদস্যসকল হ’ল ক্ৰমে চন্দন বৰুৱা, মানস মজুমদাৰ, হিমা ওজা দাস, বিকাশ মাহাতো, অমিত কুমাৰ আদি। উল্লেখযোগ্য অসম পেৰালিম্পিক সন্থাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত প্ৰয়াত বৰদলৈ অসম সাঁতোৰ সন্থাৰো সভাপতি আছিল। ৰাজ্যৰ বিশিষ্ট ক্রীড়া সংগঠকগৰাকী অসম আন্দোলনৰো এগৰাকী সক্ৰিয় নেতা আছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 + 10 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments