WWE ত ভাৰতৰ সঞ্জনা

অলিম্পিয়া প্ৰতিবেদন

ৱৰ্ল্ড ৰেষ্টলিং এণ্টাৰটেইনমেণ্ট উপভোগ কৰি ভাল পোৱা ভাৰতীয়সকলৰ বাবে এটা সুখবৰ। ভাৰতৰ তাৰকা এম এম এ খেলুৱৈ সঞ্জনা জৰ্জ বিশ্বৰে সৰ্বাধিক জনপ্ৰিয় প্ৰতিযোগিতাখনত অংশ লোৱাৰ বাবে নিৰ্বাচিত হৈছে।

২৬ বছৰীয়া মিক্স মাৰ্চিয়েল আৰ্টছৰ চেম্পিয়ন খেলুৱৈগৰাকীৰ ঘৰ কেৰেলাৰ কোট্টয়াম নামৰ ঠাইত। বৰ্তমান তেওঁ ইউ এছৰ অৰ্লেণ্ডত বৃহৎ প্ৰতিযোগিতাখনৰ বাবে প্ৰস্তুতি চলাই আছে। সৰুৰে পৰা ডব্লিউ ডব্লিউ ই ভাল পোৱা সঞ্জনাৰ প্রিয় ডব্লিউ ডব্লিউ ই খেলুৱৈ হল দ্য ৰক আৰু ৰণ্ডা ৰোজি।

ডব্লিউ ডব্লিউ ইৰ দৰে প্ৰতিযোগিতা এখনত খেলাৰ সুযোগ লাভ কৰি আনন্দিত হৈ পৰা সঞ্জনা একে সময়তে আৱেগিকো হৈ পৰে। এই খবৰ প্ৰদান কৰি তেওঁ ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগী তথা শুভাকাংক্ষীসকলক ধন্যবাদ জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *