Thursday, July 7, 2022
HomeNewsসৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ প্ৰশিক্ষকৰ চাৰ্টিফিকেট লাভ সৰ্বানন্দ সোনোৱালৰ

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ প্ৰশিক্ষকৰ চাৰ্টিফিকেট লাভ সৰ্বানন্দ সোনোৱালৰ

অলিম্পিয়া প্ৰতিবেদন

এতিয়াৰে পৰা সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন চমুকৈ AIFF ৰ দ্বাৰা স্বীকৃত প্ৰশিক্ষক হ’ল অসমৰ সৰ্বানন্দ সোণোৱাল। সৰ্বানন্দ সোনোৱালে এতিয়াৰে পৰা দিব পাৰিব ফুটবলৰ প্ৰশিক্ষণো।

অৱশ্যে, আমি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কথা কোৱা নাই। ক’বলৈ খুজিছোঁ আন এগৰাকী সৰ্বানন্দ সোণোৱালৰ কথাহে। ডিব্ৰুগড় জিলাৰ প্ৰাক্তন ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফুটবলাৰ সৰ্বানন্দ সোণোৱালৰ কথাহে কোৱা হৈছে ইয়াত। প্ৰাক্তন ফুটবলাৰগৰাকীয়ে লাভ কৰিছে এ আই এফ এফৰ দ্বাৰা প্ৰদান কৰা প্ৰশিক্ষকৰ ‘ডি’ চাৰ্টিফিকেট।

উল্লেখযোগ্য যে, লকডাউনৰ পূৰ্বে ১৭ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ নুমলীগড়ত অনুষ্ঠিত প্ৰশিক্ষকৰ এই পৰীক্ষাত উত্তীৰ্ণ হয় প্ৰাক্তন ফুটবলাৰগৰাকী। অসমৰ হৈ ১৯ আৰু ২১ বছৰ অনুর্ধত ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰা সৰ্বানন্দ সোণোৱালে খেলৰ সূত্ৰেই লাভ কৰে অসম পুলিচৰ চাকৰিও।

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, গ্ৰীণ ভেলী স্পৰ্টছ ক্লাব, অসম পুলিচ ব্লুজ আদি দলৰ হৈ খেলি এসময়ত উজলি উঠা সৰ্বানন্দ সোনোৱালে এতিয়াৰ পৰা এগৰাকী প্ৰশিক্ষক হিচাবেও নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সুযোগ লাভ কৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments