Friday, September 30, 2022
HomeNewsসৰভোগত এথলেটিক প্ৰশিক্ষণ শিবিৰৰ সামৰণি

সৰভোগত এথলেটিক প্ৰশিক্ষণ শিবিৰৰ সামৰণি

অলিম্পিয়া প্ৰতিবেদন

বৰপেটা জিলাৰ সৰভোগত এথলেটিকছৰ ১৫ দিনীয়া এক আৱাসিক প্ৰশিক্ষণ শিবিৰৰ দেওবাৰে সামৰণি পৰে । বৰপেটা জিলাৰ বিভিন্ন অঞ্চলৰ ২৯ গৰাকী খেলুৱৈয়ে এই শিবিৰত অংশগ্ৰহণ কৰে । খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰে এন আই এছ প্ৰশিক্ষক মণিকাঞ্চন নাথে । প্ৰকৃততে বৰপেটা জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত যোৱা ৭ আৰু ৮ নবেম্বৰত বৰপেটাত অনুষ্ঠিত এক প্ৰাথমিক এথলেটিকছ প্ৰতিযোগিতাৰ ফলাফলৰ ভিত্তিত সৰভোগ আৱাসিক শিবিৰলৈ খেলূৱৈ বাচনি কৰা হৈছিল ।
সৰভোগ সমষ্টিৰ বিধায়ক তথা বৰপেটা জিলা ক্ৰীড়া সন্থাৰ উপ সভাপতি মনোৰঞ্জন তালুকদাৰৰ পৃষ্ঠপোষকতাত সৰভোগৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া সংগঠন আৰু সৰভোগ ক্ৰীড়া সন্হাৰ ব্যৱস্থাপনাত সৰভোগৰ মানিক ফিল্ডত ১৫ দিনীয়া আৱাসিক শিবিৰত প্ৰশিক্ষণ দিয়া হয় । ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া সংগঠনৰ সম্পাদক প্ৰণৱ তালুকদাৰে জানিবলৈ দিয়া মতে ৰাজেন ৰয় আৰু বৰপেটা এথলেটিক শাখাৰ সম্পাদক দিব্যজ্যোতি চৌধুৰীয়ে শিবিৰটো পৰিচালনা কৰে । ইয়াত সহযোগিতা কৰে খঞ্জনজ্যোতি চৌধুৰী আৰু ভাগ্যশ্ৰী মেধিয়ে । এই শিবিৰৰ পৰা নতুন প্ৰতিভাই ভবিষ্যতে ৰাজ্যখনৰ এথলেটিকছ জগতখন উজলাই তুলিব বুলি আশা কৰা হৈছে । দেওবাৰে সামৰণি অনুষ্ঠানত অন্যান্যসকলৰ লগতে উপস্থিত থাকে বিধায়ক মনোৰঞ্জন তালুকদাৰ, বৰপেটাৰ প্ৰাক্তন বিধায়ক গুনিন দাস, এথলেটিকছ প্ৰশিক্ষক নিপন দাস আদি ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve + 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments