Friday, September 30, 2022
HomeNewsআজিৰে পৰা আৰম্ভ হৈছে সৰুসজাই এথলেটিক ষ্টেডিয়ামক কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়া

আজিৰে পৰা আৰম্ভ হৈছে সৰুসজাই এথলেটিক ষ্টেডিয়ামক কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়া

olympiasports.in

আজি পুৱা ৯ বজাত সৰুসজাই এথলেটিক ষ্টেডিয়াম পৰিদৰ্শন কৰে ৰাজ্যৰ স্বাস্থ্য, বিত্ত তথা গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেশত শেহতীয়াকৈ ক’ৰনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে অসমলৈও এক ভাবুকি কঢ়িয়াই আনিছে। সেয়েহে সৰুসজাই এথলেটিক ষ্টেডিয়ামক অস্থায়ী চিকিৎসালয়লৈ পৰিবৰ্তন কৰাৰ কথা ইতিমধ্যে স্বাস্থ্য মন্ত্ৰী জনে ঘোষণা কৰিছিল।

ষ্টেডিয়ামখনক ১০০০ অস্থায়ী টেণ্টৰ বিচনাৰে কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা হ’ব। যিসকল ব্যক্তিয়ে নিজ গৃহত কোৱাৰেণ্টাইন হৈ থকাৰ সুবিধা নাই বা অন্য ৰাজ্যৰ পৰা ভ্ৰমণ কৰি আহিছে তেনে লোকক চৰকাৰী খৰছত এই অস্থায়ী হাস্পতালত কোৱাৰেণ্টাইন কৰা হ’ব।

কোৱাৰেণ্টাইন হৈ থাকিবলগীয়া ব্যক্তিসকলৰ সুবিধা হোৱাকৈ ষ্টেডিয়ামখনত নিৰ্মাণ কৰা হৈছে ২০০ শৌচাগাৰ।

আনহাতে পৰবৰ্তী সময়ত ৰাজ্যৰ ক্ৰীড়া জগতৰ প্ৰাণকেন্দ্ৰ স্বৰূপ নেহেৰু ষ্টেডিয়ামকো ১০০০ বিচনাযুক্ত কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৰূপান্তৰ কৰা হ’ব বুলি জানিবলৈ দিছে মন্ত্ৰী গৰাকীয়ে।

বৰ্তমানলৈকে ৰাজ্যত এজনো ক’ৰনা ভাইৰাছত আক্ৰান্ত ৰোগী চিনাক্ত হোৱা নাই যদিও ভৱিষ্যত সময়ত সৃষ্টি হ’ব পৰা সাম্ভাব্য পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগ যথেষ্ট সষ্টম হৈ পৰা দেখিবলৈ পোৱা গৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments