অলিম্পিয়া প্ৰতিবেদন
বুধবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে উইকেটকীপাৰ বেটছমেন পাৰ্থিৱ পেটেলে। কেৱল ১৭ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱা পাৰ্থিৱ পেটেলে ভাৰতৰ হৈ ১৫ খন টেষ্টত অংশগ্ৰহণ কৰিছিল।
বি চি চি আইৰ অধ্যক্ষ তথা প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে পাৰ্থিৱ পেটেলৰ বিষয়ে কয় যে পাৰ্থিৱ দলীয় নীতি নিয়ম মানি চলা এগৰাকী অমায়িক ক্ৰিকেটাৰ আছিল। তেওঁ ভাৰতীয় ক্ৰিকেটৰ এগৰাকী ব্ৰেণ্ড এম্বেচেডৰ আছিল। লগতে গাংগুলীয়ে কয় যে পাৰ্থিৱক নেতৃত্ব দি ভাল লাগিছিল।
উল্লেখযোগ্য যে, পাৰ্থিৱ পেটেলে ভাৰতৰ হৈ টেষ্ট অভিষেক ঘটাওতে সৌৰভ গাংগুলী আছিল দলৰ অধিনায়ক। ২০০২ আৰু ২০০৪ বৰ্ষৰ ভিতৰত সৌৰভ গাংগুলীৰ নেতৃত্বত ক্ৰমে ১৫ খন টেষ্ট আৰু ১০ এদিনীয়াত পাৰ্থিৱ পেটেলে খেলাৰ সুযোগ লাভ কৰিছিল।
বুধবাৰে উইকেটকীপাৰ বেটছমেনগৰাকীয়ে অৱসৰ লোৱাৰ সময়ত প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীক কৃতজ্ঞতা জ্ঞাপন কৰিছিল। একেটা দিনতে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়কজনেও পাৰ্থিৱক ভবিষ্যত জীৱনৰ বাবে শুভেচ্ছা জনাই উল্লেখ কৰে যে, তেওঁৰ নেতৃত্বত গুজৰাটে ৰঞ্জি ট্ৰফীত খিতাপ অর্জন কৰিছিল। গুজৰাটৰ ক্ৰিকেট ক্ষেত্ৰত তেওঁক সদায় স্মৰণ কৰা হ’ব।