Tuesday, October 4, 2022
HomeNewsদিহিঙ পাটকাই বনাঞ্চল ধ্বংসৰ আখৰা, এগৰাকী ক্ৰীড়াবিদৰ প্ৰতিবাদ

দিহিঙ পাটকাই বনাঞ্চল ধ্বংসৰ আখৰা, এগৰাকী ক্ৰীড়াবিদৰ প্ৰতিবাদ

অলিম্পিয়া বাৰ্তা

উত্তৰ পূব ভাৰতৰ আমাজন হিচাবে খ্যাত দিহিঙ পাটকাই বনাঞ্চলৰ ধ্বংসৰ আখৰাক লৈ উদ্বিগ্ন হৈ পৰিছে প্ৰকৃতিপ্ৰেমীৰ লগতে সচেতন ৰাইজ।

উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ অধীনস্থ সংস্থা দ্য নেচনেল বোৰ্ড অৱ ৱাইল্ডলাইফে ক’ল ইণ্ডিয়া লিমিটেডক কয়লা খননৰ বাবে দিহিঙ পাটকাইক মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দিহিঙ পাটকাইৰ অন্তৰ্গত প্ৰায় ৯৮.৫৯ হেক্টৰ বনাঞ্চলত এই খনন কাৰ্য সম্পন্ন কৰিবলৈ কেন্দ্ৰীয় সংস্থাটোৱে অনুমতি প্ৰদান কৰাৰ লগে লগে এতিয়া বনাঞ্চল খনত বসবাস কৰি অহা পশুকুলৰ লগতে সমগ্ৰ জৈৱ বৈচিত্ৰলৈ ভাবুকি আহিছে।

ভাৰত চৰকাৰৰ এই সিদ্ধান্তক সহজে ল’ব পৰা নাই প্ৰকৃতিপ্ৰেমী তথা সচেতন ৰাইজে। লকডাউনৰ এই সময়ছোৱাত বিভিন্নজনে সেয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।

অসমৰ বিভিন্ন বৰ্গৰ লোকসকলে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে সামাজিক মাধ্যমৰ জৰিয়তেই। তাৰেই অংশস্বৰূপে বিভিন্ন কৰ্মক্ষেত্ৰৰ কেইবাগৰাকীও যুৱক যুৱতীয়ে ‘চেভ আমাজন অৱ ইষ্ট’ শীৰ্ষক এক সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুক, টুইটাৰ আদিৰ জৰিয়তে আৰম্ভ কৰা এই সজাগতামূলক কাৰ্যসূচীত অংশ লৈছে অসমৰ উদীয়মান ফেন্সিঙ খেলুৱৈ অংকিত মহন্তই। অংকিত মহন্তৰ লগতে এই কাৰ্যসূচীত অংশ লোৱা অন্যান্য যুৱক যুৱতীসকল হ’ল, কিশোৰ জ্যোতি ভূঞা, প্ৰাণজিত কলিতা, অনুৰাগ শৰ্মা, অনুসূয়া দাস, প্ৰিয়দর্শিনী পেগু, জ্যোতিষ্মান গোস্বামী, জিষ্ণু জ্যোতি শৰ্মা আৰু ভাৱনা বৰা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments