Monday, October 3, 2022
HomeNewsআৰক্ষী, স্বাস্থ্য কৰ্মী আৰু সাংবাদিকলৈ বিনামূলীয়া সেৱা

আৰক্ষী, স্বাস্থ্য কৰ্মী আৰু সাংবাদিকলৈ বিনামূলীয়া সেৱা

olympiasports.in

সমগ্ৰ বিশ্বই ক’ৰ’ণা মহামাৰীৰ বিৰুদ্ধে দি থকা যুঁজখনত চিকিৎসক, স্বাস্থ্য কৰ্মী, সাংবাদিক আৰু আৰক্ষীৰ লোকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । বৰ্তমান সময়ত প্ৰতিজন লোকে কিবা নহয় কিবা উপায়েৰে ৰাইজৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে । এই লোকসকলৰ এই কষ্টৰ প্ৰতি সন্মান জনাই তেজপুৰৰ শেখৰ আগৰৱাল নামৰ যুৱ চাৰ্টাৰ্ড একাউণ্টেণ্টগৰাকীয়ে ক’ৰ’ণাবিৰোধী যুঁজখনত সন্মুখৰ পৰা নেতৃত্ব দিয়া এই লোকসকলৰ বাবে সামান্য সেৱা আগবঢ়াব বিচাৰিছে ।

ক’ৰ’ণাবিৰোধী এই অভিযান আৰু লকডাউনৰ ফলত যি অৰ্থনৈতিক সংকটৰ সৃষ্টি হৈছে তেনে সময়তে আগৰৱালে আৰক্ষী, সাংবাদিক আৰু চিকিৎসক-স্বাস্থ্য কৰ্মীসকলৰ বাবে বিনামূলীয়া সেৱা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে ।

আগৰৱালে এবছৰৰ বাবে আয়কৰ সম্পৰ্কীয় যিকোনো পৰামৰ্শ আৰু সমস্যাৰ বাবে আৰক্ষী, স্বাস্থ্য কৰ্মী আৰু সাংবাদিক এই তিনিটা বৃত্তিৰে জড়িত লোকসকলক বিনামূলীয়া সেৱা আগবঢ়াব । সবিশেষ জানিবলৈ 97061 38519 নম্বৰত ফোন কৰিব পাৰিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 + eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments