Thursday, September 29, 2022
HomeNewsৰাষ্ট্ৰীয় মুকলি ৪০০মিঃ দৌৰ চেম্পিয়নশ্বিপলৈ বাছনি ৬গৰাকী অসমৰ খেলুৱৈ।দিল্লীলৈ ৰাওনা হ'ব অসমৰ...

ৰাষ্ট্ৰীয় মুকলি ৪০০মিঃ দৌৰ চেম্পিয়নশ্বিপলৈ বাছনি ৬গৰাকী অসমৰ খেলুৱৈ।দিল্লীলৈ ৰাওনা হ’ব অসমৰ ৬ জনীয়া এথলীটৰ দলটো।

অলিম্পিয়া প্ৰতিবেদন

ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ উদ্যোগত চলিত বৰ্ষৰ ১১ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৩য় সংখ্যক ৰাষ্ট্ৰীয় মুকলি ৪০০ মিটাৰ দৌৰ চেম্পিয়নশ্বিপ। প্ৰতিযোগিতাখনৰ পৰিপ্ৰেক্ষিতত দেওবাৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পত অসম এথলেটিকচ্ সন্থাৰ উদ্যোগত অসম দলৰ বাছনি শিবিৰ অনুষ্ঠিত হ’য়।

২০ বছৰৰ অনুৰ্ধ ল’ৰা-ছোৱালী, ১৮ বছৰ অনুৰ্ধ্ব ল’ৰা-ছোৱালী, ১৬ বছৰ অনুৰ্ধ্ব ল’ৰা-ছোৱালী শাখাত বহুকেইখন জিলাৰ এথলীটে অংশগ্ৰহন কৰা বাছনি শিবিৰৰ পিছত ৬ গৰাকী খেলুৱৈয়ে যোগ্যতাৰ ভিত্তিতত অসম দললৈ নিৰ্বাচিত হয়। বাছনি হোৱা খেলুৱৈসকল ক্ৰমে লৰাৰ ২০ বছৰ অনুৰ্ধ পল্লৱ গগৈ (শিৱসাগৰ), ছোৱালীৰ ১৬ বছৰ ছোৱালীৰ ৰাশ্না পেগু (মাজুলী ), ইস্মিতা মহাজন(ডিব্ৰুগড়) সংঘামিত্ৰা প’ল( যোৰহাট),১৮ বছৰ অনুৰ্ধ ছোৱালীৰ লখিমতী পেগু (মাজুলী) আৰ ১৮ বছৰ অনুৰ্ধ ছোৱালী দীপশিখা শইকীয়া (ডিব্ৰুগড়)। দলটোৰ প্ৰশিক্ষক-কল্যান বৰ্মন আৰু মেনেজাৰ মীনা ডেকা। ৮ অক্টোবৰত দিল্লীলৈ ৰাওনা হ’ব অসমৰ ৬ জনীয়া দলটো। অসম এথলেটিকছ সংস্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সম্পাদক অশোক কুমাৰ ভৰালীয়ে এক প্ৰেছ বিবৃতিযোগে এই কথা জানিবলৈ দিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ten + 13 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments