Thursday, September 29, 2022
HomeNewsহিমাচল প্ৰদেশৰ ধৰমশালাত ৰাষ্ট্ৰীয় মুকলি ৪০০ মিঃ দৌৰ চেম্পিয়নশ্বিপ । ৩...

হিমাচল প্ৰদেশৰ ধৰমশালাত ৰাষ্ট্ৰীয় মুকলি ৪০০ মিঃ দৌৰ চেম্পিয়নশ্বিপ । ৩ অক্টোবৰত সৰুসজাইত খেলুৱৈ বাছনি শিবিৰ ।

ভাৰতীয় এথলেটিকছ ফেডাৰেচনে চলিত বৰ্ষৰ
১১ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত কৰিব ৩য় সংখ্যক ৰাষ্ট্ৰীয় মুকলি ৪০০ মিটাৰ দৌৰ চেম্পিয়নশ্বিপ। তাৰ পৰিপ্ৰেক্ষিতত অসম এথলেটিকছ এছ’চিয়েশ্যনে অহামাহৰ ৩ অক্টোবৰত সৰুসজাই ক্ৰীড়া প্ৰকল্পত পুৱা ৭.৩০ বজাত বাছনি শিবিৰৰ আয়োজন কৰিছে। ২০ বছৰৰ অনুৰ্ধ ল’ৰা, ২০ বছৰ অনুৰ্ধ্ব ছোৱালী, ১৮ বছৰ অনুৰ্ধ্ব ল’ৰা, ১৮ বছৰ অনুৰ্ধ্ব ছোৱালী,১৬ বছৰ অনুৰ্ধ্ব ল’ৰা আৰু ১৬ বছৰ অনুৰ্ধ্ব ছোৱালী এথলীট সকলৰ বাবে এই বাছনি শিবিৰ মুকলি থাকিব। বাছনি শিবিৰলৈ আহোতে এথলীট সকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এডমিট,জন্মৰ প্ৰমাণপত্ৰ, আধাৰ কাৰ্ড, পেন কাৰ্ড লগত আনিব লাগিব।

ইয়াৰ উপৰিও এই বাছনি শিবিৰত অংশগ্ৰহনৰ সময়ত অসম চৰকাৰে জাৰি কৰা কভিড নিৰ্দেশনাসমূহ খেলুৱৈসকলে মানি চলিব লাগিব। এই বাছনি শিবিৰত অংশগ্ৰহণ কৰা খেলুৱৈসকলে নিগেটিভ আৰটিপিচিআৰ পৰীক্ষাৰ প্ৰমানপত্ৰ দেখুওৱাব লাগিব। আনহাতে এএফআইয়ে নিৰ্ধাৰণ কৰা প্ৰবেশৰ মানডণ্ড নিৰূপন কৰিহে জিলা ক্ৰীড়া সন্থাসমূহক ৪০০ মিটাৰ দৌৰৰ শ্ৰেষ্ঠ এথলীটসকলক বাছনি শিবাৰলৈ প্ৰেৰণ কৰিবলৈ এক প্ৰেছ বিবৃতিযোগে আহ্বান জনাইছে অসম এথলেটিকচ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সম্পাদক অশোক কুমাৰ ভৰালীয়ে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four + 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments