Friday, September 30, 2022
HomeNewsগুৱাহাটী ক্রীড়া সন্থাৰ বাচনি শিবিৰ

গুৱাহাটী ক্রীড়া সন্থাৰ বাচনি শিবিৰ

অলিম্পিয়া প্রতিবেদন

আগন্তুক ৬৯ সংখ্যক ছিনিয়ৰ আন্তঃজিলা মেনছ চেম্পিয়নশ্বিপৰ বাবে গুৱাহাটী ক্রীড়া সন্থাই আজি এক বাচনি শিবিৰৰ আয়োজন কৰে। উডালবাক্ৰাৰ জনজাতি যুৱ কল্যান পৰিষদৰ খেলপথাৰত আয়োজিত উক্ত বাচনি শিবিৰত ৭২ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। তাৰ মাজৰ পৰা ৩০ গৰাকী খেলুৱৈক নিৰ্বাচিত কৰি উলিওৱা হয়। আজি এই বাচনি শিবিৰত গুৱাহাটী ক্রীড়া সন্থাৰ তৰফৰ পৰা নিৰ্বাচক হিচাবে উপস্থিত থাকে ক্ৰমে কিশোৰ চেত্ৰী, চন্দ্ৰ শ্বেখৰ দাস আৰু প্ৰশিক্ষক বিজয় সোনোৱাল। লগতে উপস্থিত থাকে গুৱাহাটী ক্রীড়া সন্থাৰ সভাপতি পুলক গোস্বামী, উপ সভাপতি মঞ্জিত ভাগৱতী, যুটীয়া সম্পাদক খনিন দত্ত, সহকাৰী সাধাৰণ সম্পাদক সিদ্ধাৰ্থ শংকৰ ডেকা, সন্থাৰ ফুটবল সম্পাদক এল প্ৰণৱ সিং, ক্ৰিকেট সম্পাদক প্ৰমোদ ৰাজবংশী, সদস্য ক্ৰমে চৰফৰাজ হুছেইন, জ’ৱেল বে, কৌস্তৱ চক্ৰৱৰ্তী মনোজ বড়ো আদি।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve − 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments