Friday, August 12, 2022
HomeNewsগুৱাহাটীৰ আৰ জি বৰুৱা মহাবিদ্যালয়ত ছাত্রীৰ আত্মৰক্ষাৰ শিবিৰ

গুৱাহাটীৰ আৰ জি বৰুৱা মহাবিদ্যালয়ত ছাত্রীৰ আত্মৰক্ষাৰ শিবিৰ

অলিম্পিয়া প্ৰতিবেদন

সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পাছতেই এইবাৰ গুৱাহাটীৰ আৰ জি বৰুৱা মহাবিদ্যালয়ত আত্মৰক্ষাৰ শিবিৰ । দেৱজিৎ গগৈ আৰু বৰ্ণালী গগৈৰ প্ৰশিক্ষণত নিজকে বীৰাংগনাৰ দৰে শক্তিশালী কৰি তুলিছে প্ৰতিগৰাকী যুৱতীয়ে । ১২ ৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত এই শিবিৰত অংশগ্ৰহণ কৰিছে বহু ছাত্ৰীয়ে । প্ৰশিক্ষক বৰ্ণালী গগৈয়ে এই কৰ্মশালাৰ দ্বাৰা প্ৰতিগৰাকী শিকাৰুৱে নিজকে বিপদৰ সময়ত ৰক্ষা কৰিব পাৰিব বুলি উল্লেখ কৰিছে । তদুপৰি বৰ্তমান সময়ত নাৰীসকলৰ বাবে এই সমৰকলাৰ বৃহৎ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে বৰ্ণালী গগৈয়ে

Women’s studies cell ৰ উদ্যোগত আৰু টাং -চু -ডু স্পৰ্টছ এছচিয়েচন অৱ আছামৰ সহযোগত আয়োজন কৰা এই কৰ্মশালাত উপস্থিত থাকে women’s studies cell ৰ সম্পাদিকা শমিষ্ঠা ৰয় । আয়োজক হিচাপে এই কৰ্মশালাৰ আয়োজন কৰি তেওঁ নাৰীসকলৰ বাবে আগবঢ়াই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ।

কিন্তু এই খিনিতে এটা প্ৰশ্ন হয় টাং- চু -ডু- ৰ দৰে এটা বিশাল সমৰকলা মাত্ৰ ৭ দিনৰ প্ৰশিক্ষণে কিমানখিনি সহায় কৰিব পাৰিব ? ৭ দিনৰ প্ৰশিক্ষণ লৈ যুবতীসকলে অবাঞ্চিত বিপদৰ মাজৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সক্ষম হ’ব নে ?
বৰ্তমান সময়ত নাৰীসকলক এই শিক্ষাৰ প্ৰয়োজনীয়তা বিদ্যালয় বা মহাবিদ্যালয়ৰ লগতে চৰকাৰেও বুজি উঠাটো নিতান্তই জৰুৰী হৈ পৰিছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments