Wednesday, October 5, 2022
HomeNewsসন্দিকৈ আৰু আৰ জি বৰুৱা কলেজত ছোৱালীৰ আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰৰ সামৰণি

সন্দিকৈ আৰু আৰ জি বৰুৱা কলেজত ছোৱালীৰ আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰৰ সামৰণি

অলিম্পিয়া প্ৰতিবেদন

গুৱাহাটীৰ সন্দিকৈ আৰু ৰাধাগোবিন্দ বৰুৱা কলেজত যোৱা এসপ্তাহৰ পৰা অনুষ্ঠিত ছোৱালীৰ আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰৰ শনিবাৰে সফল ভাৱে সামৰণি পৰে । আৰ জি বৰুৱা কলেজৰ মহিলা অধ্যয়ন কোষ আৰু আই টি এফ টাং চু ডু স্পৰ্টছ এছোচিয়েচন অৱ আছামৰ সহযোগত আয়োজন কৰা ছোৱালীৰ আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰত প্ৰায় ৪০ গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । উক্ত শিবিৰত সমৰ কলাৰ বিভিন্ন কৌশলৰ প্ৰশিক্ষণ দিয়াৰ উপৰি ছাত্ৰীসকলৰ আত্মবিশ্বাস, মনোবল বৃদ্ধিৰ লগতে নিজকে কিদৰে সফলতাৰে প্ৰতিষ্ঠা কৰিব পাৰি তাৰো প্ৰশিক্ষণ প্ৰদান কৰা হয় । প্ৰশিক্ষণ প্ৰদান কৰে টাং চু ডু অসমৰ মুখ্য প্ৰশিক্ষক মাষ্টাৰ দেৱজিৎ গগৈ আৰু মহিলা প্ৰশিক্ষক বৰ্ণালী গগৈয়ে । সামৰণি অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱী, আৰ জি বৰুৱা কলেজৰ অধ্যক্ষা ববিতা চৌধুৰী , মহিলা কোষৰ সকলো সদস্যা ।
ইফালে যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰা সন্দিকৈ (হেন্দিক) ছোৱালী কলেজত অনুষ্ঠিত ছোৱালীৰ আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰো ১৯ ফেব্ৰুৱাৰী, শনিবাৰে সামৰণি পৰে । সন্দিকৈ কলেজৰ নেচনেল ছাৰ্ভিচ স্কীম (এন এছ এছ) আৰু আই টি এফ টাং চু ডু স্পৰ্টছ এছোচিয়েচন অৱ আছামৰ উদ্যোগত আয়োজন কৰা ছোৱালীৰ আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰত প্ৰায় ৭০ গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । প্ৰশিক্ষণ প্ৰদান কৰে টাং চু ডুৰ অসমৰ মুখ্য প্ৰশিক্ষক মাষ্টাৰ দেৱজিৎ গগৈ আৰু মহিলা প্ৰশিক্ষক বৰ্ণালী গগৈয়ে । সামৰণি অনুষ্ঠানত উপস্থিত থাকে অসম গৌৰৱ সাঁতোৰবিদ এলভিছ আলি হাজৰিকা, সন্দিকৈ ছোৱালী কলেজৰ উপাধ্যক্ষৰ লগতে এন এছ এছৰ মুৰব্বী বিনয় নাথ । এই শিবিৰৰ যোগেদি দুয়োখন কলেজৰ প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীয়ে সুন্দৰ আৰু সফলভাৱে প্ৰতিটো কৌশল আয়ত্ব কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments